গুৱাহাটী মহানগৰীৰ বিভিন্ন এলেকাত গুৱাহাটী জল ব’ৰ্ড, গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড আৰু জি এম ডি এ-ৰ দ্বাৰা ৰূপায়িত বিভিন্ন প্ৰকল্পস্থলী পৰিদৰ্শন কৰিলে মন্ত্ৰী অশোক সিংহলে

0 219

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বিভাগীয় বিষয়াসকলক লগত লৈ গুৱাহাটী মহানগৰীৰ উজানবজাৰ, খাৰঘূলি, পাণবজাৰ আৰু ফাঁচিবজাৰ এলেকাত গুৱাহাটী জল ব’ৰ্ড, গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জি এম ডি এ)ৰ দ্বাৰা ৰূপায়িত বিভিন্ন প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম-কাজসমূহৰ অগ্ৰগতিৰ চৰজমিন বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে গুৱাহাটী জল ব’ৰ্ডৰ খাৰঘূলিস্থিত কেন্দ্ৰীয় প্ৰকল্প, জল ব’ৰ্ড ভৱন, উজানবজাৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্প, পাণবজাৰৰ জজ খেলপথাৰ, নেহৰু পাৰ্ক, আৰক্ষী অধীক্ষকৰ পুৰণি বাংলো, ফাঁচিবজাৰত নিৰ্মিয়মাণ ব’টানিকেল গাৰ্ডেন আদি বিভিন্ন প্ৰকল্পস্থলী ভ্ৰমণ কৰে আৰু ৰূপায়ণকাৰী সংশ্লিষ্ট বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷

প্ৰকল্পস্থলীসমূহত উপস্থিত সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী সিংহলে কয় গুৱাহাটী মহানগৰীৰ সকলো বাসিন্দালৈ পৰ্যায়ক্ৰমে খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰে দিনে-নিশাই কাম কৰি আছে৷ জল ব’ৰ্ডৰ দ্বাৰা পানী যোগানৰ পৰীক্ষামূলক পৰ্যায়ত ইতিমধ্যে প্ৰায় ১২ হাজাৰ পৰিয়ালৰ গৃহত পানী উপলব্ধ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ গতিত কাম অব্যাহত থাকিলে অহা বছৰৰ ভিতৰত মহানগৰীৰ অধিকাংশ এলেকাতে খোৱাপানী যোগান ধৰিব পৰা যাব বুলি তেওঁ আশাবাদী৷ অহা ২১ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান আঁচনিৰ আংশিক কাৰ্যকৰীকৰণৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব বুলি জানিবলৈ দি তেওঁ কয় যে এই অনুষ্ঠানত ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কাৰ্যালয়ৰ প্ৰতিনিধিৰ লগতে জাইকাৰ প্ৰতিনিধিও উপস্থিত থাকিব৷ এই প্ৰকল্পৰ আংশিক কাৰ্যকৰীকৰণে ২৬ হাজাৰৰো অধিক পৰিয়ালক সামৰি ল’ব বুলি তেওঁ উল্লেখ কৰে৷ গুৱাহাটীৰ প্ৰায় প্ৰতিটো অঞ্চলতে জাইকাৰ খোৱাপানী যোগানৰ পাইপ বহুওৱাৰ কাম চলি আছে বুলি উল্লেখ কৰি পানী উপলব্ধ এলেকাসমূহত খোৱাপানীৰ ঘৰুৱা সংযোগ সুবিধা লোৱাৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়৷

আনহাতে মন্ত্ৰী সিংহলে আজি উজানবজাৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কাম-কাজো পৰিদৰ্শন কৰে৷ প্ৰায় ৩০০ কোটি টকা ব্যয়ৰে হাতত লোৱা এই প্ৰকল্পই অঞ্চলটোৰ সৌন্দৰ্য বৃদ্ধিৰ লগতে মহানগৰখনকো এক নতুন ৰূপ প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে৷ মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক জজ খেলপথাৰৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ কাম-কাজৰ বুজ লোৱাৰ লগতে নেহৰু পাৰ্কৰ পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰো খতিয়ান লয় আৰু দুয়োটা প্ৰকল্প নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক নিৰ্দেশ দিয়ে৷

মন্ত্ৰীগৰাকীয়ে আজি মহানগৰীৰ মাজমজিয়াত থকা ফাঁচি বজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিত নিৰ্মিয়মান ব’টানিকেল গাৰ্ডেনৰ কাম-কাজো পৰিদৰ্শন কৰে আৰু অতি সোনকালেই এই উদ্যান ৰাইজৰ বাবে মুকলি কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে৷ ইয়াৰ উপৰি তেওঁ পাণবজাৰস্থিত ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সমীপত থকা আৰক্ষী অধীক্ষকৰ পুৰণি বাংলোত চলি থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পটোও পৰিদৰ্শন কৰে৷

Leave A Reply

Your email address will not be published.