কৰ্মই ধৰ্ম। এনে এক কৰ্মৰ এক নিদৰ্শন দাঙি ধৰিলে পলাশবাৰী সমষ্টিৰ সৰপাৰাৰ যুৱক প্ৰদীপ দাসে। দাসে সংবাদ জগত খনত জড়িত থকাৰ উপৰিও নিজাকৈ কিবা এটা কৰাৰ প্ৰচেষ্টা হাতত লৈ দক্ষিণ কামৰূপৰ ব্যৱসায়ীক নগৰ মিৰ্জাত এখন অত্যাধুনিক ‘আই কনিক হেয়াৰ এণ্ড বিউটি চেলুন’ আজি মুকলি কৰে। সাংবাদিক নীৰেন চন্দ্ৰ মালী আঁতধৰা অনুষ্ঠানটোত যোৱা ১৫ ডিচেম্বৰত অত্যাধুনিক চেলুনখন আনুষ্ঠানিকভাৱে মুকলি কৰি বিশিষ্ট যুৱ সমাজকৰ্মী হিমাংশু শেখৰ বৈশ্যই। মুকলি কৰি বৈশ্যই চেলুনখনৰ স্বত্বাধিকাৰী দাসক প্ৰেৰণা যোগোৱাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি, দক্ষিণ কামৰূপৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি কৌশিক তালুকদাৰৰ, সাংবাদিক ৰতন কলিতা, হিতেন মালী, হিতেশ কলিতা, বিশ্বজিৎ দাস, গিৰীন্দ্ৰ কলিতাসহ অঞ্চলটোৰ বহুকেইজন সাংবাদিক তথা সংবাদকৰ্মী উপস্থিত থাকে। উল্লেখ্য যে, আই কনিক হেয়াৰ এণ্ড বিউটি চেলুনখনত সৰু ল’ৰা-ছোৱালীকে ধৰি পুৰুষ-মহিলাই নিজ ইচ্ছা অনুযায়ী চুলি কাটিব বা ষ্টাইল বনাব পাৰিব।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি