অহা ৭ মে’ ত অনুষ্ঠিতব্য ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কেশৱ সিংঘানিয়াৰ সৈতে আজি সুক্ষ্ম পৰ্যবেক্ষকসকলৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। মহানগৰীৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এই সভাত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ বাবে নিয়োগ কৰা সুক্ষ্ম পৰ্যবেক্ষকসকল উপস্থিত থাকে। উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিত কামৰূপ মহানগৰ জিলাৰ ৫ টা, কামৰূপ জিলাৰ ৩ টা আৰু গোৱালপাৰা জিলাৰ ২ টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈ আছে। আজিৰ পৰ্যালোচনা সভাত সাধাৰণ পৰ্যবেক্ষক কেশৱ সিংঘানিয়াই সুক্ষ্ম পৰ্যবেক্ষক সকলক নিৰ্বাচন প্ৰক্ৰিয়াত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে সবিশেষ ব্যাখ্যা দাঙি ধৰে। নিৰ্বাচন আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত নৈতিকতা আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰি যাবলৈ সাধাৰণ পৰ্যবেক্ষক গৰাকীয়ে সুক্ষ্ম পৰ্যবেক্ষক সকলক আহ্বান জনায়। সভাত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত অজিত শৰ্মা তথা জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
Trending
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক