বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি তেজপুৰত ‘Ethnic Day’ কাৰ্যসূচী হিচাপে ‘গোমচেং ২০১৯’ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য ৰাজ্যখনৰ আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানখনত ব’হাগ মাহৰ প্ৰথম পষেকত পৰম্পৰাগত সাজ পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি প্ৰতিবছৰে উদযাপন কৰি অহা হৈছে। উক্ত দিনটোত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অন্যান্য কৰ্মচাৰীবৃন্দ সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ নিজ কৃষ্টিৰ পৰিৱেশন কৰিব। অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক সমিলমিলৰ লগতে উত্তৰ পূব ভাৰতৰো সংস্কৃতিক ভিন্নতাক প্ৰতিনিধিত্ব কৰা উক্ত দিনটো প্ৰতিষ্ঠানখনৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ দিন হিচাপে বিবেচিত হৈ আহিছে। এইবাৰো বৰ্ণাধ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা উক্ত অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা,পৰম্পৰাগত খাদ্য প্ৰস্তুত প্ৰতিযোগিতাৰ লগতে অসমীয়া পৰম্পৰাগত খেল ধেমালিৰ আয়োজন কৰা হ’ব বুলি সাংস্কৃতিক বিভাগৰ তত্বাবধায়িকা সাধনা গোস্বামীয়ে জানিবলৈ দিছে।
Trending
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন