গোলাঘাটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১,১৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা-২০২২

0 170

গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত মেধাৰ পৰিচয় দিয়া জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলক ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ শুভাৰম্ভ কৰে । উল্লেখযোগ্য যে, ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে একোখন স্কুটী প্ৰদান কৰা হৈছে । গোলাঘাট জিলাত মুঠ ১,১৭৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা হৈছে । ইয়াৰে ১,০৬১ গৰাকী ছাত্ৰী আৰু ১৩৬ গৰাকী ছাত্ৰ । স্কুটী বিতৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাত গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই ছাত্ৰ-ছাত্ৰীসকলক এই বঁটাৰ মৰ্যাদা ৰক্ষা কৰি তথা কোনো কাৰণতে স্কুটীখনৰ অপব্যৱহাৰ নকৰি ভৱিষ্যৎ শিক্ষা জীৱনত আৰু অধিক ভাল ফলাফল দেখুৱাব পৰাকৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় । ডঃ বাণীকান্ত কাকতি বঁটা লাভ কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা সন্মানৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক পঢ়াত সহায় হোৱাকৈ চৰকাৰে চলিত বৰ্ষৰ পৰা ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ বাবে চিন্তা কৰিছে । অসমৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ভাল ফলাফল দেখুৱাব পাৰে তাৰ বাবে আগ্ৰহীসকলক বিদ্যালয়ৰ পৰাই লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়িবলৈ তেওঁ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে লক্ষ্য স্থিৰ আৰু সঠিক হলে কোনো অভাৱ-অনাতন অথবা অজুহাতেই হেঙাৰ হ’ব নোৱাৰে । বিফলতাৰ বাবে আনক দোষ দিয়াৰ বিপৰীতে নিজক দোষাৰোপ কৰিলে আগবাঢ়ি যোৱাৰ নতুন পথ মুকলি হ’ব বুলি তেওঁ কয় ।

অনুষ্ঠানত দিয়া ভাষণত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে জীৱন গঢ়াৰ বাটত কোনো চমু পথ নাই। কঠোৰ অনুশীলনেই সফলতা প্ৰাপ্তিৰ একমাত্ৰ উপায় বুলি তেওঁ উল্লেখ কৰে । নিজৰ ভাষণত বিধায়কগৰাকীয়ে ডঃ বাণীকান্ত কাকতিৰ গুণৰাজিৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে আৰু তেখেতৰ সৃষ্টিসমূহক অসমীয়া ভাষাৰ এক গুৰুত্বপূৰ্ণ সমল বুলি উল্লেখ কৰে।নিয়মীয়া অনুশীলন সফলতাৰ একমাত্ৰ চাবিকাঠি বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক কোনো প্ৰতিকুল পৰিস্থিতিৰ ওচৰত হাৰ নামানি প্ৰয়াস অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

সভাত আদৰণি ভাষণ আগবঢ়ায় জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে । জিলা উপায়ুক্তগৰাকীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জয়ন্ত বাৰুকিয়াল, ডি কে ডি কলেজৰ অধ্যক্ষ ডঃ ৰঞ্জিত বৰদলৈ, এইচ পি বি গাৰ্লছ কলেজৰ অধ্যক্ষ ডঃ বুলবুলি বৰুৱা, জয়া গগৈ কলেজৰ অধ্যক্ষ ডঃ অমিয় কুমাৰ দাস, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ পুতুল শইকীয়া, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰিপ্ৰিয়া দেউৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱা, সমাজকৰ্মী দেৱপ্ৰতীম বৰা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অভিভাৱক মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিদ্যাঞ্জলি কাৰ্যসূচীৰ অধীনত জিলা প্ৰশাসনৰ আহ্বানমৰ্মে জিলাখনৰ কেইবাগৰাকীও সহৃদয় ব্যক্তি-অনুষ্ঠানে শিক্ষানুষ্ঠান আৰু অংগনৱাড়ী কেন্দ্ৰলৈ আগবঢ়োৱা ফেন আৰু ওজন তথা উচ্চতা জোখা যন্ত্ৰও প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.