গোৱালপাৰাৰ সদ্যপ্ৰয়াত ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ শোকাৰ্ত পৰিয়ালবৰ্গক সাক্ষাৎ মন্ত্ৰী অশোক সিংহলৰ

0 62

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি পুৱা গোৱালপাৰাত উপস্থিত হৈ অলপতে আততায়ীৰ কূটাঘাতৰ বলি হোৱা ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহলৈ গৈ তেওঁৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে এই জঘন্য অপৰাধৰ আঁৰৰ দোষীসকলৰ বিৰুদ্ধে আইনৰ সহায়ত উপযুক্ত শাস্তি প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় স্থিতিৰ কথা তেওঁ সদৰী কৰে। সভ্য সমাজক লজ্জানত কৰা এনে অপশক্তিৰ উত্থানত শংকিত হোৱাৰ পৰিৱৰ্তে সংগঠিত হ’বলৈ তথা এনে বিকৃত মানসিকতাৰ অপৰাধীসকলৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।

আনহাতে অভিভাৱক মন্ত্ৰীগৰাকীয়ে আজি গোৱালপাৰা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখনি বৈঠকত জিলাখনৰ বিভিন্ন বিভাগসমূহৰ কাম-কাজৰো পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কৃষি, স্বাস্থ্য, খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ (গৃহ) আদি প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ বৈঠকত তেওঁ জিলাখনত চলি থকা জল-জীৱন মিছন, স্বচ্ছ ভাৰত অভিযান, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আদি আঁচনিৰ অগ্ৰগতিৰো বিশদভাৱে বুজ লয়৷ জিলাখনত চলি থকা জলজীৱন মিশ্যন আৰু স্বচ্ছ ভাৰত অভিযানৰ কাম-কাজৰো বুজ লৈ বিদ‌্যালয়, অংগনৱাড়ী কেন্দ্ৰ আদি ৰাজহুৱা অনুষ্ঠানত অগ্ৰাধিকাৰ ভিত্তিত খোৱাপানীৰ সংযোগ আৰু শৌচালয়ৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে।

বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক সততা আৰু দায়বদ্ধতাৰে সাধাৰণ ৰাইজৰ হিতৰ বাবে কাম কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে অভিভাৱক মন্ত্ৰী হিচাপে গোৱালপাৰা জিলাৰ দুখীয়া মানুহৰ স্বাৰ্থৰ সুৰক্ষা তেওঁৰ বাবে প্ৰথম অগ্ৰাধিকাৰৰ বিষয় আৰু দুখীয়া মানুহক কষ্ট দি কাম কৰা বিষয়াসকলৰ বিৰদ্ধে তেওঁৰ স্থিতি শূন্য সহনশীল।

মন্ত্ৰী সিংহলে জিলাখনত নৱজাতকৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে যোৱা ১৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ এএনএম, আশা কৰ্মী আৰু আত্মসহায়ক গোটসমূহক জড়িত কৰি হাতত লোৱা বৃহৎ সজাগতা অভিযান “সুস্থ মাতৃ, সুৰক্ষিত সন্তান”ৰ সফলতাত সন্তোষ প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই অভিযানৰ সুফলস্বৰূপে গোৱালপাৰা জিলাত প্ৰসুতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ জীৱিত জন্মৰ বিপৰীতে ৯০.০৮ৰ পৰা ৪৪.১৩ লৈ হ্ৰাস পাইছে। সেইদৰে নৱজাতকৰ মৃত্যুৰ হাৰো প্ৰতি হাজাৰ জীৱিত জন্মৰ বিপৰীতে ১৪.৬৯ৰ পৰা ৯.৪৭ লৈ হ্ৰাস পাইছে। এই পৰিসংখ্যাই মহিলা আৰু শিশুৰ বাবে গুণগত মানৰ স্বাস্থ্যসেৱাৰ সুবিধা উপলব্ধ কৰাৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ নিদর্শন দাঙি ধৰিছে বুলি বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা কথা-বতৰাত তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰে যে গোৱালপাৰা জিলাৰ ১০০% বিদ্যালয়তে এতিয়া বিশুদ্ধ খোৱাপানীৰ সুবিধা আৰু ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা হৈছে। আনহাতে জিলাখনৰ ১,৫০০ বিদ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা পাইপযুক্ত পানী সংযোগৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। অহা মাহত জিলাখনত ৫৮টা নতুন অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰিবলৈ সাজু হৈছে বুলিও তেওঁ সাংবাদিকসকলক অৱগত কৰে।

মন্ত্ৰী সিংহলৰ আজিৰ এই গোৱালপাৰা ভ্ৰমণকালত সাংসদ বিজুলী কলিতা মেধি আৰু উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.