গোৱালপাৰা জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ-ৰাংচাপাৰাত পৰিৱেশ অনুকূল জলসিঞ্চন প্ৰণালী পৰ্যবেক্ষণ, উৰ্পদ বিল পৰিদৰ্শনৰ লগতে মিছন বসুন্ধৰা সম্পৰ্কীয় বৈঠকতো অংশগ্ৰহণ মন্ত্ৰী সিংহলৰ

0 82

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা,জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলাৰ আটাইতকৈ পৰিচ্ছন্ন গাঁও ৰাংচাপাৰাত উপস্থিত হৈ ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত সৰু সৰু জান-জুৰিসমূহত বান্ধ নিৰ্মাণেৰে ভূমি সংৰক্ষণৰ লগতে কাষৰীয়া খেতি পথাৰসমূহৰ বাবে ব্যৱস্থা কৰা জলসিঞ্চন প্ৰণালীৰ পৰ্যবেক্ষণ কৰে। পৰিৱেশ অনুকূল আৰু বহনক্ষম এনে জলসিঞ্চন প্ৰণালীৰ জৰিয়তে ৰাজ্যৰ সকলো খেতিপথাৰতে বছৰৰ সকলো সময়তে পানীযোগানৰ ব্যৱস্থা কৰাৰ উদ্যোগ ল’বলৈ তেওঁ জলসিঞ্চন বিভাগৰ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতে তেওঁ গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখনি বৈঠকত জিলাখনৰ বিভিন্ন বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কৃষি, স্বাস্থ্য, খাদ্য আৰু অসামৰিক যোগান, জলসিঞ্চন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ (পথ), লোক নিৰ্মাণ (গৃহ) আদি প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ বৈঠকত তেওঁ জিলাখনত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোঁজনা (নগৰীয়া), প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), জল-জীৱন মিছন, স্বচ্ছ ভাৰত অভিযান, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আদি আঁচনিৰ অগ্ৰগতিৰো বিশদভাৱে বুজ লয়৷ জিলাখনত চলি থকা জলজীৱন মিশ্যন আৰু স্বচ্ছ ভাৰত অভিযানৰ কাম-কাজৰো বুজ লৈ বিদ‌্যালয়, অংগনৱাড়ী কেন্দ্ৰ আদি ৰাজহুৱা অনুষ্ঠানত অগ্ৰাধিকাৰ ভিত্তিত খোৱাপানীৰ সংযোগ আৰু শৌচালয়ৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে অহা ১৫ ডিচেম্বৰৰ ভিতৰত গোৱালপাৰা জিলাৰ সকলো বিদ্যালয়তে ল’ৰা আৰু ছোৱালীৰ পৃথক শৌচাগাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে পৰৱৰ্তী বৰ্ষৰ ২০ জানুৱাৰীৰ ভিতৰত গোৱালপাৰা জিলাৰ কমেও ৩০টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ কাৰ্যক্ষম কৰি তুলিবলৈও মন্ত্ৰীগৰাকীয়ে মহিলা আৰু শিশু কল্যাণ বিভাগক নিৰ্দেশ দিয়ে। ইফালে গোৱালপাৰা জিলাৰ শেহতীয়া স্বাস্থ্য সূচকসমূহৰ বুজ লৈ মন্ত্ৰী সিংহলে জিলাখনত শিশুৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে অহা ১৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ এএনএম, আশা কৰ্মী আৰু আত্মসহায়ক গোটসমূহক জড়িত কৰি এক বৃহৎ সজাগতা অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। “সুস্থ মাতৃ, সুৰক্ষিত সন্তান” শীৰ্ষক এই অভিযান জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, মহিলা আৰু শিশু কল্যাণ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যৌথ উদ্যোগত হাতত ল’বলৈ তেওঁ নিৰ্দেশ দিয়ে।

আনহাতে, মন্ত্ৰী সিংহলে আজি গোৱালপাৰাৰ উৰ্পদ বিল পৰ্যবেক্ষণ কৰি অঞ্চলটোৰ বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰে। ৰাজ্যখনৰ ভিতৰতে চহকী জীৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এই বিলে গোৱালপাৰা জিলাৰ পৰিৱেশ পৰ্যটনৰ ক্ষেত্ৰখনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি ৰাজ্যখনৰ জলাশয়সমূহৰ বহনক্ষম উন্নয়ন সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি তেওঁ মন্তব্য কৰে।

বিয়লি মন্ত্ৰী সিংহলে গোৱালপাৰা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মহকুমা ভূমি উপদেষ্টা সমিতিৰ এক বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মিছন বসুন্ধৰা ২.০ সম্বন্ধীয় বিভিন্ন বিষয় আলোচনা কৰাৰ লগতে ভূমি পট্টন তথা আবণ্টন সম্বন্ধীয় বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হয়।‌

Leave A Reply

Your email address will not be published.