গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান

0 174

সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে আগবঢ়াই অহা গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান অনুষ্ঠান আজি গুৱাহাটীৰ চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তিস্থলীত অনুষ্ঠিত হয়।সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা এইবাৰ ধেমাজিৰ সু-সন্তান মিছিং লোক কৃষ্টিৰ সাধক একলব্য গামক প্ৰদান কৰে। উল্লেখযোগ্য যে ২০০২ চনৰ আজিৰ দিনটোতে প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যু হৈছিল। তেখেতৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি
আছুৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি এই কাৰ্যসূচী গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.