শোণিতপুৰ জিলাৰ বালিপৰা শাখা সাহিত্য সভাৰ উদ্যোগত ৰোহিনী বৰাৰ দ্বাৰা ৰচিত বৰঘুলিত দুপৰীয়া শীৰ্ষক এখনি চেমনীয়া উপযোগী গ্ৰন্থ আজি উন্মোচন হয় । আজি দিনৰ ১২:০০ বজাত শাখা সাহিত্য সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনিত ” বৰঘুলিৰ দুপৰীয়া ” শীৰ্ষক গ্ৰন্থখনৰ শুভ উন্মোচন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কলিতাই । উন্মোচনী ভাষণত অধ্যক্ষ কলিতাই কয় যে অতীতৰ পৰাই সমাজত গ্ৰন্থই বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰভাত বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত মুখ্য অতিথি হিচাপে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনীষ ঠাকুৰ , বিশিষ্ট অতিথি হিচাপে প্ৰেম মেধি , বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কৰিমউদ্দিন আহমেদ , থানেশ্বৰ শইকীয়া সহ ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি