মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক এখন সেউজ ৰাজ্যলৈ পৰিণত কৰা আৰু এক কৌটি গছপুলি ৰোপণৰে গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভৰ লক্ষ্যৰে ৮ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি চলি আছে অমৃত বৃক্ষ আন্দোলন। ১৭ ছেপ্টেম্বৰত সামৰণি পৰিবলগীয়া এই আন্দোলনৰ জৰিয়তে ৯ টা দিনত ৰোপণ, বিতৰণ আদিকে ধৰি মুঠ ৯ টা অভিলেখ গঢ়াৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। আজি পৰ্যন্ত ছয়টা দিনত ইতিমধ্যে ছয়টা অভিলেখ স্থাপন কৰা হৈছে।ইফালে ৰাজ্যজুৰি চলি থকা এই অভিযানত গুৱাহাটীৰ নাগৰিকেও যাতে ১৭ ছেপ্টেম্বৰত গছপুলি ৰোপণ অভিযানত ভাগ লব পাৰে তাৰ বাবে বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত নাগৰিকৰ মাজত বিতৰণৰ বাবে জিলাখনৰ সকলো চক্ৰ বিষয়াৰ কাৰ্যালয়, , খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় অাৰু গাঁও পঞ্চায়তৰ কাৰ্যালয় , বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসহ ৩২ টা বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটী মহানগৰীত ১৭ ছেপ্টেম্বৰত ১.১৭ লাখ টা গছপুলি ৰোপণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। মুঠ ৩২ টা কেন্দ্ৰত গছপুলি যোগানৰ বাবে জালুকবাৰীস্থিত অসম বন বিদ্যালয়, খানামুখ খণ্ড বন বিষয়া অাৰু চন্দ্ৰপুৰ খণ্ড বন বিষয়া কাৰ্যালয়ত গছপুলি মজুতকৰণৰ ব্যৱস্থা কৰা হৈছে। কালি আৰু আজি দুটা দিনত এই ৩২ টা কেন্দ্ৰলৈ ৩৯,৫০০ টাৰো অধিক গছপুলি যোগান ধৰা হয়। তাৰ ভিতৰত ২৫,১৪৮ টা অগৰু , ১২,৮১৪ টা মেহগণি আৰু ১,৮৫৮ টা বগীপমা গছপুলি যোগান ধৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই কিছুদিন পূর্বে এক কৌটি বাণিজ্যিক গছপুলি ৰোপণ অভিযানত ভাগ লৈ এগৰাকী সেউজ সেনানী হবলৈ ৰাজ্যবাসীক আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪৭.৩৯ লাখৰা অধিক লোকে নির্দিষ্ট পৰ্টেলত নাম পঞ্জীয়ন কৰিছিল।
Trending
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ