গ্ৰেটাৰ গুৱাহাটী বেবী লীগ

0 288


শৈশৱৰপৰা খেলুৱৈক নিয়মীয়া প্ৰতিযোগিতাৰ সুযোগ দিয়া আৰু ভৱিষ্যতৰ তাৰকা গঢ়াৰ লক্ষ্যৰে অসমত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ব গ্ৰেটাৰ গুৱাহাটী বেবী লীগ চমুকৈ জি জি বি এল সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে ( এ আই এফ এফ) হাতত লোৱা বেবী লীগ নামৰ প্ৰকল্পৰ অধীনত অসমৰ অগ্ৰণী ক্ৰীড়া ব্যৱস্থাপনা কোম্পানী স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্ট আৰু গুৱাহাটী চিটী ফুটবল ক্লাবে অসম ফুটবল সংস্থা ( এ এফ এ)ৰ সহযোগত আয়োজন কৰিছে জি জি বি এলৰ । আজি আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পত অসম অলিম্পিক সংস্থাৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত বৃহত্তৰ গুৱাহাটী অঞ্চলৰ ৬ৰ পৰা ১৩ বছৰ বয়সৰ শিশু খেলুৱৈসকলক এ আই আই এফৰ নীতি নিয়মৰ অধীনত একোটা ছিজনত ৪-৬ মাহ ধৰি প্ৰতি সপ্তাহে নিয়মীয়াকৈ প্ৰতিযোগিতাৰ সুযোগ দিয়াৰ বাবে আৰু ফুটবল সংস্কৃতি গঢ় দিবলৈ জি জি বি এলৰ আয়োজন কৰা হৈছে বুলি অৱগত কৰে স্প’ৰ্টছক্ৰাফ্‌টৰ সঞ্চালক ডৰিক ৰঞ্জন ডেকাই। তেওঁ কয় যে এ আই এফ এফে ইতিমধ্যে এই লীগলৈ সেউজ সংকেত দিছে আৰু এ এফ এৰ জৰিয়তে জি জি বি এল প্ৰয়োজনীয় প্ৰক্ৰিয়া পূৰণৰ পিছত বেবী লীগৰ ম’বাইল এপ্‌ত পঞ্জীয়নভুক্ত হৈছে । সেই অনুসৰি ৬-১৩ বছৰীয়া শিশুসকলক চাৰিটা ভাগত বিভক্ত (৬-৭, ৮-৯, ১০-১১, ১২-১৩) কৰি এই লীগত অংশ লোৱাৰ সুযোগ দিয়া হ’ব । নৱেম্বৰৰ শেষ ভাগৰপৰা আৰম্ভ হ’ব লগা এই লীগৰ প্ৰথম ছিজন ৪ মাহ ধৰি চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে যদিও পাছলৈ ইয়াক ৬মাহলৈ বৃদ্ধি কৰা হ’ব বুলি তেওঁ জনায় । সংবাদ মেলত অংশ লৈ গুৱাহাটী চিটী ফুটবল ক্লাব (জি চি এফ চি)ৰ সহঃ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকাই কয় যে মহাতাৰকা লিঅ’নেল মেছিয়ে ৬বছৰ বয়সৰপৰাই পেছাদাৰী ফুটবল খেলিছিল আৰু ১৩ বছৰলৈ তেওঁ ৫০০ৰ অধিক গ’ল কৰিছিল ৷ আচলতে সেই বাবেই এফ চি বাৰ্চিলোনাই তেওঁক চুক্তিবদ্ধ কৰিছিল । কিন্তু ভাৰতীয় শিশুৱে প্ৰতিযোগিতাৰ অভাৱত সেই ৬-৭ বছৰৰ সোণালী সুযোগ হেৰুৱায় আৰু সেয়াই প্ৰকৃততে ভাৰতীয় ফুটবলৰ দুৰ্বলতাৰ মূল কাৰণ বুলি ডেকাই কয় । ইয়াক দূৰ কৰি শিশুসকলক নিয়মীয়াকৈ প্ৰতি বছৰে লীগ প্ৰতিযোগিতাৰ সুযোগ দিয়া আৰু তেওঁলোকক ১৩ বছৰলৈ সম্পূৰ্ণ পেছাদাৰী ফুটবলৰ বাবে সাজু কৰাই জি জি বি এলৰ লক্ষ্য বুলি তেওঁ কয় । লগতে ইয়াৰ প্ৰতিভাৱান খেলুৱৈসকলক জি চি এফ চিৰ বয়সভিত্তিক দলসমূহৰ বাবে নিৰ্বাচন কৰা হ’ব বুলিও ডেকাই জনায় ৷ বেবী লীগ পদক্ষেপৰ বাবে এ আই এফ এফক ধন্যবাদ জনাই ডেকাই সহযোগৰ বাবে এ আই এফ এফ বেবী লীগৰ মেনেজাৰ শ্ৰীনিৱাসন ছাইমনি, এ আই এফ এফৰ খেলুৱৈ উন্নয়ন বিভাগৰ মুৰব্বী ৰিচাৰ্ড হুড, এ আই এফ এফৰ প্ৰাক্তন চি অ’ অ’ কিশোৰ টাইড আৰু অসম ফুটবল সংস্থাৰ সম্পাদক অংকুৰ দত্তক ডেকাই ধন্যবাদ জনায় । আনহাতে, সংবাদ মেলত অংশ লৈ এ এফ এৰ সম্পাদক অংকুৰ দত্তই জি জি বি এল অসমৰ ফুটবলৰ উন্নয়নত মাইলৰ খুটি হ’ব বুলি আশা প্ৰকাশ কৰে আৰু অসমৰ সকলো ফুটবলপ্ৰেমী, ক্লাব, একাডেমী তথা সংস্থাক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । সংবাদ মেলত দত্তই জি জি বি এলৰ ল’গ’ও উন্মোচন কৰে । লগতে আয়োজকসকলে জি জি বি এল সম্পৰ্কত এক পাৱাৰ পইণ্ট প্ৰেজেণ্টেছনো আগবঢ়ায় ।
 এই লীগত বৃহত্তৰ গুৱাহাটী অঞ্চলৰ সকলো ক্লাব, একাডেমী, বিদ্যালয়, কোম্পানী, সংস্থা, ব্যক্তিয়ে প্ৰতিটো বয়স গোটৰ বাবে এ আই এফ এফৰ নীতি নিয়মৰ অধীনত দল গঠন কৰি অংশ ল’ব পাৰে । বিতং তথ্যৰ বাবে তেওঁলোকে ডৰিক ৰঞ্জন ডেকা (৭০০২৫৭০৮৭০) আৰু কৌস্তৱ চক্ৰৱৰ্তীৰ (৯৭০৬৫৭০২১৯) সৈতে যোগাযোগ কৰিব পাৰে ।

Leave A Reply

Your email address will not be published.