যোদ্ধা আৰু কৃষকক শ্ৰদ্ধা জনাইছে ভাস্কৰ নগৰ পূজা কমিটিয়ে

0 321

মহানগৰীৰ এখন বিশেষ পূজা মণ্ডপ।কালাপাহাৰ সমীপৰ ভাস্কৰ নগৰৰ পূজা মণ্ডপটো আকৰ্ষণীয় ভাৱে সজাই তুলিছে।লালা বাহাদুৰ শাস্ত্ৰীৰ জয় জাৱান জয় কিষাণ শ্লোগানক থিম হিচাপে লৈ পূজা কমিটিয়ে মণ্ডপৰ দৃশ্যসজ্জা প্ৰস্তুত কৰিছে।২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পূজামণ্ডপটো প্ৰস্তুত কৰিছে কলিকতাৰ কাৰিকৰে।এই সম্পৰ্কে আয়োজকৰ হৈ প্ৰাণজিত কৌৰে জনায় যে ইণ্ডিয়া গেট,হেলিকপ্টাৰ,যুদ্ধত ব্যৱহাৰ হোৱা টেংকাৰ, গৰু গাড়ী আদিবোৰে থিমটোত স্থান লাভ কৰিছে।আমাৰ পূজা কমিটি বিভিন্নধৰণ সামাজিক কাম কাজৰ লগতো জৰিত আছে।উল্লেখযোগ্য যে এটা ব্যতিক্ৰম ধৰণৰ থিম লোৱাৰ বাবে ভাস্কৰ নগৰ পূজা কমিটি মুখে মুখে চৰ্চিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.