মহানগৰীৰ গড়চুক আৰচিক্ষী থানাৰ গাওৰক্ষী বাহিনী আৰু নাগৰিক কমিটিৰ যৌথ উদ্যোগত কালি বিয়লি থানা চৌহদত এখন ক’ভিড ১৯ ৰ সজাগতা সভা অনুষ্ঠিত হয় । গড়চুক থানাৰ নাগৰিক কমিটিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত থানা এলেকাৰ বজাৰ কমিটি , ব্যৱসায়ী সংস্থা , গাওৰক্ষী বাহিনী , নাগৰিক কমিটিৰ প্ৰায় ৩০ জন প্ৰতিনিধি উপস্থিত থাকে । আনহাতে সভাৰ উদ্দেশ্য বাখ্যা কৰি গড়চুক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসে বৰ্তমান ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে সকলোকে ক’ভিড বিধি বা এছ অ পি মানি চলিবলৈ আহবান জনায় । তেনেদৰেই কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ দুই বহুমুখী স্বাস্থ্যকর্মীদ্বয় নীৰেন্দ্ৰ মালাকাৰ আৰু ধৰ্মেন্দ্ৰ ডেকাই ৰাইজৰ মাজত সজাগতা অবিহনে ক’ভিডক নিয়ন্ত্ৰণ কৰিবলৈ সম্ভৱ নহয় বুলি ব্যক্ত কৰে আৰু জনসমাগম হোৱা স্থানৰে পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনায় । সভাত ক’ভিড বিধি মানি চলা, ব্যবসায়ী সকলক ন মাস্ক ন চেল নীতি মানি চলিবলৈ আহ্বান জনায়।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ