চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত ১৭ জানুৱাৰীত মংগলবাৰে শাখা সভাৰ কাৰ্যালয় ৰবীন্দ্ৰনাথ দাস সভাগৃহত সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭২ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি প্ৰখ্যাত মুকাভিনয় শিল্পী, সংগীত-নাটক অকাডেমী বঁটা প্ৰাপক মইনুল হকক শিল্পী সম্বৰ্ধনা জনোৱা হয় । শিল্পী দিৱসৰ দিনযোৰা কাৰ্যসূচীৰ পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ নৱ-নিৰ্বাচিত উপ-সভাপতি কনক মহন্তই, ৯-০০ বজাত স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি কৃষ্ণকান্ত নাথে । বিয়লি ৩-০০ বজাৰ মুকলি সভাত সভাপতিত্ব কৰে শাখাৰ সভাপতি বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে । সভাত বিশিষ্ট শিক্ষাবিদ, ডিব্ৰুগড় বিশ্ব-বিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° আনন্দ বৰমুদৈয়ে অসমীয়া সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিগৰাকীৰ ৰচিত নাটসমূহৰ তাত্ত্বিক বিশ্লেষণ আগবঢ়াই উপস্থিত ৰাইজক আপ্লুত কৰে। লগতে স্থানীয় কণ কণ চেমনীয়া সকলে পৰিৱেশন কৰা জ্যোতিপ্ৰসাদৰ গীতৰ শৰায়ে সভাগৃহ মুখৰিত কৰে।অসম সংগীত অ মোৰ আপোনাৰ দেশ গীতেৰে সভাৰ সামৰণি পৰে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি