গুৱাহাটী মহানগৰীৰ নুনমাটি অঞ্চলৰ আনন্দ নগৰ অসমজ্যোতি সংঘ আৰু পুথিভঁড়ালৰ উদ্যোগত পুথিভঁড়াল খেলপথাৰত ৩৬ তম্ বাৰ্ষিক শিল্পী দিৱস ১২,১৩,১৪, ১৬ আৰু ১৭ জানুৱাৰীত ৫ দিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে অসমীয়া জাতিৰ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পবিত্ৰ মৃত্যু তিথিত শিল্পী দিৱস হিচাপে উদযাপন কৰে। ১২,১৩,১৪ জানুৱাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত একাধিক ক্ৰীড়া প্ৰতিযোগীতা অনুষ্ঠিত কৰে। ১৬ জানুৱাৰীত চিত্ৰাংকণ, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, নৃত্য প্ৰতিযোগীতা আদি অনুষ্ঠিত কৰে । ১৭ জানুৱাৰীত পুৱা সাংস্কৃতিক শোভাযাত্ৰা, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, ভেশচন প্ৰতিযোগীতা, জ্যোতি সংগীত প্ৰতিযোগীতা অনুষ্ঠিত হয়। সন্ধ্যা মুকলি সভাত সভাপতিত্ব কৰে শিল্পী দিৱস উদযাপন সমিতিৰ সভাপতি দ্বিজেন্দ্ৰ লাল পাঠকে। সংঘৰ সভাপতি বনজিৎ দাস, সম্পাদক ফাৰুক আলী আহমেদ, উদযাপন সমিতিৰ সম্পাদক মজনুৰ হুছেইনে আঁত ধৰা সভা পুৰণজয় ভট্টাচাৰ্যই বৰগীতেৰে শুভাৰম্ভ হয় । অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই মুখ্য অতিথিৰ ভাষণত আজিও জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰাসংগিকতা আছে বুলি কৈ নতুন প্ৰজন্মই তেওঁৰ অমূল্য সৃষ্টিৰাজি গভীৰ ভাৱে অধ্যয়ন কৰিব লাগে বুলি দোহাৰে । সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতা, বহুভাষিক সাহিত্য মঞ্চৰ প্ৰধান সম্পাদক,সাংবাদিক দীপক শৰ্মা, নুনমাটি সাহিত্য সভাৰ সভাপতি নৰেন ৰয়,নুনমাটি থানাৰ সহকাৰী পুলিচ আয়ুক্ত নীলোৎপল ডেকা, সাহিত্যিক বীৰেন্দ্ৰ নাথ কলিতা, যুৱ সমাজসেৱী হিকমৎ আলীয়ে অংশ লয়।নিশা মনোৰম সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি