চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা স্মৃতি দিৱস উদযাপন

0 539

অসম সাহিত্য সভাৰ উদ্যোগত চচল শতদল শাখা সাহিত্য সভাই আজি ৭ জুন ২০২৩ তাৰিখে গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱা,পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ আৰু সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱৰ পৱিত্ৰ স্মৃতিত স্মৃতি দিৱস পালন কৰে । ৰাতিপুৱা ৮.৪৫ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি থানেশ্বৰ মালাকাৰে । ইয়াৰ পাচত তিনিও গৰাকী পুৰোধা ব্যক্তিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে চচল শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভূপেন্দ্ৰ নাথ দাসে আৰু পাচত জ্যেষ্ঠ সদস্য ফটিক চন্দ্ৰ শৰ্মাই স্মৃতি তৰ্পণ কৰে।

ইয়াৰ পাচত সভাপতি থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত বহা স্মৃতি দিৱসৰ সভা সুগায়ক সদানন্দ বৰ্মনে গোৱা পাৰ্ৱতি প্ৰসাদৰ এটি কালজয়ী গীতেৰে মুকলি কৰা হয়।এই সভাত চচল নিবাসী চচল শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত গীতিকাৰ লোহিত হাজৰিকাক “গীতিকাৰ” হিচাবে সম্বৰ্দ্ধনা জনোৱা হয়।

Leave A Reply

Your email address will not be published.