চাবুৱা, লাহোৱালত বন্ধৰ প্ৰভাৱ

0 312

জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৬০ টা সংগঠনে অাহ্বান জনোৱা অসম বন্ধত স্বব্ধ জনজীৱন | উজনিৰ পৰা নামনিলৈ পৰিলক্ষিত হৈছে সৰ্বাত্মক বন্ধৰ প্ৰভাৱ | মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ৰ বিভিন্ন ঠাইৰ লগতে চাবুৱা,লাহোৱাল,মোহনবাৰী অাৰু ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নাই কোনো ধৰণৰ যাত্রীবাহী বাহন | লাহোৱাল,চাবুৱা,মোহনবাৰী অাৰু ডিকমত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে মটক যুৱ-ছাত্র সন্মিলন,কৃষক মুক্তি সংগ্ৰাম সমিতি, মটক যুৱ-ছাত্র পৰিষদ, ছাত্র মুক্তি সংগ্ৰাম সমিতি, সংখ্যালঘু ছাত্র সন্থা(অামছু), বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, মুছলিম যুৱ পৰিষদ, সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনী, চাহ জনজাতি ছাত্র সন্থা,ভাৰতৰ ছাত্র ফেডাৰেচন,ভাৰতৰ গণতান্ত্রিক ফেডাৰেচন, বীৰ লাচিত সেনা,চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি অাৰু মটক ছাত্র সন্থাৰ সদস্যসকলে | বন্ধৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰা চাবুৱাৰ একাংশ প্ৰতিবাদকাৰীক ডিব্ৰুগড়ত অাটক কৰে সদৰ অাৰক্ষীয়ে | অৱশ্যে সন্ধিয়ালৈ মুকলি কৰি দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সভাপতি প্ৰদীপ হালৈৰ লগতে চাবুৱাৰ প্ৰতিবাদকাৰীসকলক | ইফালে, বন্ধৰ সময়ছোৱাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল সকলো ধৰণৰ দোকান-পোহাৰ | অানহাতে মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সচিব মানস জ্যোতি বৰুৱা, মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈ, সংখ্যালঘু ছাত্র সন্থা চমুকৈ অামছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চফি অালম খানে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত আজি অসমীয়া জাতিৰ স্বাৰ্থত বন্ধ সমৰ্থনত ওলাই অহা সমগ্ৰ অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰে। লগতে অসম আৰু অসমীয়া অস্তিত্ব ৰক্ষা বাবে সকলোকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়|

Leave A Reply

Your email address will not be published.