চালক,হেণ্ডিমেনক পি পি ই কীট প্ৰদান কৰিছে অসম ৰাজ্যিক পৰিবহন নিগমে

0 229

ক’ৰণা মহামাৰীৰ ফলশ্ৰুতিত সমগ্ৰ দেশজুৰি চলি আছে লকডাউন। এই বিপদজ্জনক পৰিস্থিতিত মহামাৰীৰ পৰা নিজকে বচাবলৈ এতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীবিলাকক কঢ়িওৱা বাছৰ চালক তথা হেণ্ডিমেন সকলক পি পি ই কিট প্ৰদান কৰিছে। উল্লেখযোগ্য যে ইতিপূৰ্বে  পৰিবহন নিগমৰ বাছ যোগে অসমলৈ অহা লোকসকলৰ মাজত ক’ভিড১৯ৰ পজিটিভ ওলাইছিল।
 
 
তাৰ ঠিক পিছতে বাছৰ চালক তথা হেণ্ডিমেনকে ধৰি সৰ্বমুঠ বিছ গৰাকীকৈ কৰ্মচাৰীক কোৱাৰেণ্টাইন কৰাৰ লগতে সকলোৰে ক’ভিড টেষ্ট কৰোৱা হৈছে। ইতিমধ্যে বাছৰ টিকট দিয়া কাউণ্টাৰত বহা কৰ্মচাৰী এজনৰো ক’ভিড১৯ পজিটিভ ওলাইছে। কৰ্মচাৰী জন বৰ্তমানে গুৱাহাটীস্থিত এম এম চি এইচতত চিকিৎসাধীন হৈ আছে।
 
 
 
 
কোনোধৰণৰ যাত্ৰীয়ে যাতে বাছৰ চালক তথা হেণ্ডিমেনৰ ওচৰত সংস্পৰ্শত নাহে তাৰ কাৰণে ইতিমধ্যে এ এচ টি চিৰ বাছসমূহত নিৰ্মাণ কৰা হৈছে প্ৰটেক্টিভ কেবিনৰ। ইতিমধ্যে এই কিট সমূহ প্ৰেৰণ কৰা হৈছে সমগ্ৰ অসমৰে এ এচ টি চিৰ দহটা ডিভিজনৰ বিষয়া তথা কৰ্মচাৰীলৈ। স্মৰ্তব্য যে এতিয়ালৈকে ৰেল যোগে যাত্ৰা কৰা প্ৰায় বাৰ হেজাৰ গৰাকীকৈ যাত্ৰীক এ এচ টি চিয়ে গন্তব্য স্থানলৈ গৈছে।

Leave A Reply

Your email address will not be published.