চাহ জনগােষ্ঠী আৰু আদিবাসী সকলক উন্নয়নৰ নতুন দিগন্তলৈ লৈ যােৱাৰ প্ৰয়াস- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা ৰাজ্যিক বিজেপিৰ চাহ মৰ্চাৰ

0 246

অসমৰ বৃহত্তৰ চাহ জনগােষ্ঠী আৰু আদিবাসী সকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি মিত্রজোট চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে বিজেপি অসম প্রদেশে। আজি এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিৰ চাহ মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰে ৰাজ্য চৰকাৰখনৰ এই প্রচেষ্টাক ঐতিহাসিক আৰু ভৱিষ্যত মাইলৰ খুঁটি বুলি অভিহিত কৰাৰ লগতে ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বত অসমৰ বৃহত্তৰ চাহ জনগােষ্ঠী তথা আদিবাসী সমাজখনে বিকাশৰ নতুন দিগন্তলৈ ধাৱমান হ’ব বুলি আশা প্রকাশ কৰিছে। ৰাজ্যখনৰ আদিবাসী আৰু চাহ জনগােষ্ঠীয় ৰাইজক বিকাশৰ নতুন দিগন্তলৈ নিয়াৰ প্রয়াস হিচাপে যােৱাকালি অসম প্রশাসনকি পদাধিকাৰী মহাবিদ্যালয়ত ‘হামদেৰ মনৰ কথা’ শীর্ষক অনুষ্ঠান আয়ােজন কৰি চাহ জনগােষ্ঠীৰ বিভিন্ন লােকৰ লগতে চিন্তাবিদ, বুদ্ধিজীৱি তথা জনগােষ্ঠীটোৰ ছাত্র সংগঠনৰ নেতৃবৃন্দক নিমন্ত্রণ কৰি যি সৌহাদ্যমূলক আলােচনাৰ যােগেদি এক পৰিৱেশ সৃষ্টি কৰিলে এইয়া অতুলনীয় আৰু অসমৰ বৃহত্তৰ চাহ জনগােষ্ঠীৰ ৰাইজ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ব। বিবৃতিখনত চাহ মৰ্চাৰ সভাপতি গৰাকীয়ে আগন্তুক সময়খিনিত চাহ জনগােষ্ঠীৰ ৰাইজৰ কল্যাণৰ বাবে বিভিন্ন বিষয়ত পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্য যি সাতখন উপ-সমিতি গঠন কৰিছে, এই সমিতিসমূহে জনগােষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ বাবে চাহ জনগােষ্ঠী অধ্যুষিত এলেকাৰ আন্তঃগার্থনি উন্নয়ন, জনগােষ্ঠীটোৰ লােকসকলৰ বংশানুক্রমিক বৃদ্ধিৰ বিকল্প আৰু অতিৰিক্ত গৃহীত পথ উন্মেষণ, উপযুক্ত শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্যৰ আন্তঃগাঁথনিৰ খছৰা, সাংস্কৃতিক উপাদানৰ ক্ষেত্ৰত যি অধ্যয়ন আৰু পৰামৰ্শ আগবঢ়াব,ইয়াৰ যােগেদি জাতিটোৰ ভৱিষ্যত নির্মাণ হ’ব বুলি আশা প্রকাশ কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকা কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰ, বিধানসভাৰ প্রাক্তন অধ্যক্ষ পৃথিৱী মাঝিকে আদি কৰি বিশিষ্ট ব্যক্তিসকলৰ বক্তব্য তথা গঠনমূলক ভূমিকাৰ বাবে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে।
দিগন্ত ঘাটোৱাৰে কয়, বিগত সময়খিনিত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে চাহ জনগােষ্ঠীটোৰ উন্নয়নৰ কাৰণে যিখিনি পদক্ষেপ গ্রহণ কৰিলে, বিশেষকৈ ৮০০ খন চাহ বাগিচাত লাইনৰ ৰাস্তা পকীকৰণ, চাহ বাগিচাৰ লাইনৰ প্রত্যেক ঘৰলৈকে বিজুলী যােগান, চাহ জনগােষ্ঠী অধ্যুষিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ জলপানিৰ ব্যৱস্থা, মাংগৰী ওৰাং ৰংগমঞ্চ নির্মাণ, চাহ-বাগিচাসমূহত ম’বাইল মেডিকেল ইউনিট স্থাপন, চাহ জনগােষ্ঠী মহিলাসকলৰ প্রসূতি সকলৰ বাবে সাহাৰ্যৰ পৰিমাণ বৃদ্ধিকে ধৰি দয়াল দাস পানিকা বৃত্তিৰ যােগেদি ২৫ হাজাৰ টকাকৈ এককালনীন সাহার্য প্রদানৰ দৰে যিসমূহ আঁচনি যােৱা সময়খিনিত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল সেয়া জনগােষ্ঠীটোৰ কল্যাণৰ কাৰণে এক মাইলৰ খুটি হিচাপে বিবেচিত হৈছে। আগন্তুক সময়খিনিত নিশ্চিতভাৱে জনগােষ্ঠীটোৰ কল্যানৰ কাৰণে আৰু অধিক আর্থ-সামাজিক কর্মসূচী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে গ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰি অসম চৰকাৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.