চিলি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে লাইফ ইন এ পাপেটে

0 209

দক্ষিণ আমেৰিকাৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ আগৰণুৱা ৰাষ্ট্ৰ চিলিত অনুষ্ঠিত ছাউথ ফিল্ম এণ্ড আৰ্টছ একাডেমী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰ লাইফ ইন এ পাপেট’এ তথ্য-কাহিনীমূলক পূৰ্ণদৈর্ঘ চলচ্চিত্ৰ শাখাত আজুৰি আনিছে শ্ৰেষ্ঠ ছবিৰ সন্মান। শ্ৰেষ্ঠ ছবিৰ লগতে পৰিচালক ৰাজেন দাসে লাভ কৰিছে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা।চিলিত অনুষ্ঠিত এই আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাইফ ইন এ পাপেটে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰি অসমলৈ কঢ়িয়াই অনা এই গৌৰৱোজ্জ্বল সংবাদ আজি মহোৎসৱৰ অফিচিয়েল ৱেবচাইটত প্ৰকাশিত হোৱাত লাইফ ইন এ পাপেট পৰিয়ালৰ লগতে অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচৰ শিল্পী সকলৰ মাজত আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে। আজি লাইফ ইন এ পাপেট’ৰ পৰিচালক ৰাজেন দাসক চলচ্চিত্ৰ মহোৎসৱখনৰ কৰ্তৃপক্ষই এক মেইল বাৰ্তাযোগে এই শুভ সংবাদ প্ৰেৰণ কৰি অভিনন্দন জ্ঞাপন কৰে।
উল্লেখযোগ্য যে চিলিত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত অসমৰ লাইফ ইন এ পাপেট এ দেশ বিদেশৰ বহু সংখ্যক ছবিৰ মাজৰ পৰা জুৰীৰ বাছনিত অফিচিয়েল নমিনেচন লাভ কৰাৰ খবৰ অসমৰ সংবাদপত্ৰত প্ৰকাশ পাইছিল যোৱা ৬ মাৰ্চত।প্ৰায় এপষেক ধৰি জুৰীৰ কঠিন নিৰীক্ষণৰ অন্তত অৱশেষত কালি মহোৎসৱৰ কৰ্তৃপক্ষই আনুষ্ঠানিক ফলাফল ঘোষণা কৰে।
উল্লেখ্য যে ভাৰতৰ লাইফ ইন এ পাপেট ৰ লগতে মহোৎসৱৰ পূৰ্ণদৈৰ্ঘ্য আৰু চুটি ছবি বিভাগৰ বিভিন্ন শাখাত ইটালী,ব্ৰাজিল,কানাডা,চীন,স্পেইন,বুলগেৰিয়া,অষ্ট্ৰেলিয়া আদি ২৫ খন ৰাষ্ট্ৰৰ ছবিয়ে বিভিন্ন শিতানত পুৰস্কাৰ লাভ কৰে।উল্লেখ্য যে আশা বৰদলৈ, দীপন্দিতা দাস,পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকা অভিনীত আৰু মিনাক্ষী দাসৰ সহ প্ৰযোজনাত নিৰ্মাণ কৰা ৰাজেন দাস প্ৰযোজিত পৰিচালিত লাইফ ইন এ পাপেট’ৰ বিশ্বমুখী যাত্ৰাত শুভকামনা জনাইছে বহু সংখ্যক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে।

Leave A Reply

Your email address will not be published.