অসম ৰাজ্যিক চিৰিয়াখানাৰ উত্তোৰণৰ বাবে অনাগত দিনত কাম কৰা হ’ব।ৰাজ্যত যিদৰে ৰাজধানী এখন থাকে, ঠিক সেই দৰে চিৰিয়াখানাও এখন আছে।সেয়েহে কণ কণ ল’ৰা ছোৱালীয়ে তথা প্ৰকৃতিপ্ৰেমীয়ে চিৰিয়াখানাত ভিৰ কৰে।এই মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।আজি চিৰিয়াখানাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অসম গৌৰৱ সোণালী বান্দৰৰ বংশবৃদ্ধিৰ সম্পৰ্কত মন্তব্য কৰি কয় যে অসম ৰাজ্যিক চিৰিয়াখানাত সোণালী বান্দৰৰ বংশবৃদ্ধিৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা কৰি দিয়া হৈছে ।২০১১ চনত চিৰিয়াখানালৈ অনা সোণালী বান্দৰৰ সংখ্যা ২টাৰ পৰা ৩টা লৈ বৃদ্ধি পাইছে ।সোণালী বান্দৰক বসবাসৰ বাবে পাহাৰৰ আছুতীয়া অংশত সুবিধা কৰি দিয়া হৈছে ।এই অনুষ্ঠানতে অসম ৰাজ্যিক চিৰিয়াখানাৰ সকলোবোৰ দিশ সামৰি প্ৰস্তুত কৰা এটা ভিডিঅ’ উন্মোচিত হয়।ভিডিঅ’ টো উন্মোচন কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।ভিডিঅ’টোত কণ্ঠদান কৰিছে কণমানি শিল্পী দেবাংগী দাসে।গীতটো ৰচনা আৰু পৰিচালনা কৰিছে গিৰিমল্লিকা দাসে।অনুষ্ঠানৰ পি চি চি এফৰ বহুকেইজন বিষয়া উপস্থিত থাকে।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
সুন্দৰ ক্ষেপ ..
সুন্দৰ পদক্ষেপ ..