চি আৰ পিএফৰ উদ্যোগত ৰাণীত চকী, টেবুল, আলমাৰী বিতৰণ

0 258

চি.আৰ.পি.এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে ২৭ জানুৱাৰীত কেতবোৰ জনহিতকৰ কাৰ্যসূচী সম্পন্ন কৰে। তাৰ ভিতৰত ৰাণীত থকা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বৈদ্যুতিক সংযোগ আৰু পানীৰ সুবিধা, সামূহিক গৃহৰ মেৰামতি, চকী, টেবুল আৰু কিতাপ ৰখা আলমাৰী যোগান। আনহাতে এই উপলক্ষে ৰাণীত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মা, বিশিষ্ট অতিথি হিচাপে ৰাণীৰ খণ্ড উন্নয়ন বিষয়া মুনীন্দ্ৰ হাজৰিকা, সন্মানীয় অতিথি হিচাপে ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, জিলা পৰিষদৰ সদস্যা স্বপ্নালী দাস, ৰাণী গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰবী বড়ো, সদৌ ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক হিতেশ্বৰ ৰাভা, চেকেণ্ড-ইন-কমাণ্ড পি খাৰমুজাই, ডেপুটী কমাণ্ডেণ্ট আব্দুল ৰহিম, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল ঠাকুৰকে ধৰি চি আৰ পি এফৰ কেবাজনো বিষয়া জোৱান উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.