চি.আৰ.পি.এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে ২৭ জানুৱাৰীত কেতবোৰ জনহিতকৰ কাৰ্যসূচী সম্পন্ন কৰে। তাৰ ভিতৰত ৰাণীত থকা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বৈদ্যুতিক সংযোগ আৰু পানীৰ সুবিধা, সামূহিক গৃহৰ মেৰামতি, চকী, টেবুল আৰু কিতাপ ৰখা আলমাৰী যোগান। আনহাতে এই উপলক্ষে ৰাণীত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মা, বিশিষ্ট অতিথি হিচাপে ৰাণীৰ খণ্ড উন্নয়ন বিষয়া মুনীন্দ্ৰ হাজৰিকা, সন্মানীয় অতিথি হিচাপে ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, জিলা পৰিষদৰ সদস্যা স্বপ্নালী দাস, ৰাণী গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰবী বড়ো, সদৌ ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক হিতেশ্বৰ ৰাভা, চেকেণ্ড-ইন-কমাণ্ড পি খাৰমুজাই, ডেপুটী কমাণ্ডেণ্ট আব্দুল ৰহিম, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল ঠাকুৰকে ধৰি চি আৰ পি এফৰ কেবাজনো বিষয়া জোৱান উপস্থিত থাকে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ