ৰাজ্যৰ ২০ গৰাকী সাংবাদিকলৈ এককালীন অনুদান আগবঢ়াইছে

0 253

ৰাজ্যৰ মুঠ ২০ গৰাকী সাংবাদিকক ২০২০-২০২১ বৰ্ষৰ জনসংযোগ বিভাগৰ এককালীন অনুদানৰ বাবে নিৰ্বাচিত কৰা হৈছে।১৫ বছৰতকৈ অধিক কাল সাংবাদিক হিচাপে সেৱা আগবঢ়োৱা সাংবাদিক সকলৰ বৃত্তিগত উৎকৰ্ষ সাধনৰ বাবে ৰাজ্য চৰকাৰে এই এককালীন অনুদানৰ ব্যৱস্থা কৰিছে।এই এককালীন অনুদান প্ৰাপ্ত সাংবাদিক সকলক চৰকাৰে ৫০ হাজাৰতকৈ টকাকৈ আগবঢ়াব।
এই বৰ্ষত এককালীন অনুদানৰ বাবে নিৰ্বাচিত সাংবাদিক সকল হৈছে ক্ৰমে অনন্ত নাৰায়ণ বৰঠাকুৰ,অনুপ বিশ্বাস,অৰূপ ৰঞ্জন বৰ্মন,আগষ্টাইন টেৰণ, বাপন চন্দ্ৰ শৰ্মা, বিদ্যুৎ কলিতা বিপুল বৰ্মন,বিপুল শইকীয়া, চম্পক বৈশ্য, ডালিম ফুকন,দেৱজিৎ হাজৰিকা, দিবাকৰ শইকীয়া, দীপক কুমাৰ শৰ্মা, জয়ন্ত কুমাৰ দাস,জীতেন বৰকাকতী, নয়ন প্ৰতিম কুমাৰ,পুলেন কুমাৰ দাস,শৈলেন কুমাৰ শইকীয়া,সঞ্জয় চক্ৰৱৰ্তী আৰু উৎপল ডেকা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত সাংবাদিক সকলক অহা ৬ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত দিনৰ ১১.৩০ বজাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আনুষ্ঠানিক ভাৱে এই এককালীন অনুদান প্ৰদান কৰিব।

Leave A Reply

Your email address will not be published.