চি পি মছলাই উত্তৰ পূবত উৎকৃষ্ট মানৰ ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে।মছলাৰ পৰা আৰম্ভ কৰি মিশ্ৰণ আৰু মৌলিক মছলাই খাদ্যক সুস্বাদু কৰি তোলে।এই মন্তব্য অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ।চি পি মছলাৰ উত্তৰ পূবৰ বেণ্ড এম্বেছেডৰ বৰ্ষাৰাণী বিষয়াই চি পি ব্ৰেণ্ড মছলাৰ সংবাদ মেলত উপস্থিত থাকি এই মন্তব্য কৰে।মহানগৰীৰ হোটেল গেটৱেত আয়োজন কৰা সংবাদমেলত চি পি মছলাৰ সঞ্চালক মধূপ মাধৱ আগৰৱালাই এই সন্দৰ্ভত কয় যে প্ৰিমিয়াম মানৰ মছলাৰ প্ৰমানিক আৰু সজীৱ সোৱাদৰ বাবে ইতিমধ্যে সকলোৱে চি পি মছলাক আদৰি লৈছে।অসমৰ প্ৰতিভাশালী আৰু মোহময়ী অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াক ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিয়োগ কৰাৰ ফলত ব্ৰেণ্ডটো ব্যৱসায় বৃদ্ধিত সহায়ক হ’ব বুলি সঞ্চালকগৰাকীয়ে আশা প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে ব্ৰেণ্ডটোৰ মুখ্য বৈশিষ্ট্য হৈছে কোনো ধৰণৰ কৃত্ৰিম ৰং নাই।সকলো প্ৰাকৃতিক উপাদানেৰে সমৃদ্ধ। উল্লেখ্য যে চি পি মছলাত গ্ৰাহকে পিচা মছলা যেনে -হালধি,ধনিয়া, জলকীয়া,মিক্সড বা ব্ৰেঙ্কেট মছলাৰ ভিতৰত গৰম মছলা,মিট মছলা,ৰাজমা মছলা,ডাল মখনি মছলা, চাম্বাৰ মছলা আদি আৰু আংগন ব্ৰেণ্ডিঙৰ সৈতে তেল ক্ৰয় কৰিব পাৰিব বুলিও চি পি মছলাৰ সঞ্চালক মধূপ মাধৱ আগৰৱালাই জনায়।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা