নগাঁৱৰ ৰাইডঙীয়াত মাহজুৰি অনুষ্ঠিত পানী মেটেকাত পৰা প্ৰস্তুত কৰা সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰ সামৰণি

0 187

ভাৰতীয় উদ্যমীতা সংস্থা উদ্যোগত স্বেচ্ছাসেৱী সংগঠন টাক্সৰ (TAKS) সহযোগত ৰাইডঙীয়াত এমাহজুৰি অনুষ্ঠিত হোৱা পানী মেটেকাত পৰা প্ৰস্তুত কৰা সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰ ইতিমধ্যে সামৰণি পৰিছে । ৰাজ্যৰ নৈ বিল, জলাশয় সমূহত প্ৰচুৰ পৰিমাণে উপলব্ধ পানী মেটেকাৰ পৰা নিৰ্মিত বেগ, পুতলা, ফুলদানী আদি সামগ্ৰী ৰাজ্য-বহিঃৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো ব্যাপক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় উদ্যমীতা সংস্থাই গ্ৰাম্যাঞ্চলৰ উদ্যমী লোকসকলক ইয়াৰ নিৰ্মাণৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। তাৰেই অংশ হিচাপে মাহজুৰি নগাঁৱৰ ৰাইডঙীয়াৰ মিহিৰাম আতা পুথিভঁৰালত চলিছিল পানী মেটেকাত পৰা সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ কাৰ্য্যসূচী। ইতিপূৰ্বে সামৰণি পৰা অনুষ্ঠানটিৰ আৰম্ভণি ভাষন প্ৰদান কৰি ভাৰতীয় উদ্যমীতা সংস্থাৰ উত্তৰ পূৱৰ প্ৰকল্প বিষয়া প্ৰাঞ্জল ৰাজখোৱাই সততে এলাগী হৈ ৰোৱা পানী মেটেকা পৰা জীৱিকা নিৰ্বাহৰ উৎস বিচাৰি পোৱা গাঁৱৰ মহিলা সকলক ধন্যবাদ দিয়াৰ লগতে আগন্তুক দিনত উক্ত কৌশল সমূহৰ উত্তৰণ কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। সাংবাদিক দিব্যজ্যোতি বৰুৱা,প্ৰশিক্ষণৰ সমন্বয়ক শংকৰজ্যোতি শৰ্মাকে আদি কৰি ৰাইডঙীয়া অঞ্চলৰ কেইবাগৰাকী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত প্ৰশিক্ষণ গ্ৰহণ কৰা অৰ্ধশতাধিক উদ্যমী মহিলাক প্ৰমান পত্ৰ প্ৰদান কৰা হয়। আনহাতে প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা মহিলা সকলে মেটেকাৰেপ্ৰস্তুত কৰা বেগ, টুপি, টাৱৰ কভাৰ,মোনা, দলিচা, গহনা, ডাষ্টবিন, ফাইল কভাৰ আদি বিভিন্ন উৎপাদিত সামগ্ৰীৰ এটি প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.