কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি.আৰ.পি.এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাক শেহতীয়াকৈ উত্তৰ প্ৰদেশলৈ বদলি কৰা হৈছে। এই উপলক্ষে ৰাণীস্থিত ১৭৫ চি. আৰ.পি.এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত যোৱা নিশা অনুষ্ঠিত এক অনুষ্ঠানত কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাক বিদায় সম্বৰ্ধনা জনোৱা হয়। বাহিনীটোৰ ডেপুটী কমাণ্ডেণ্ট ৰবি শ্ৰীবাস্তব, সঞ্জয় কুমাৰ ৱালাং, মুখ্য চিকিৎসা বিষয়া ডাঃ দীপ্তি বুৰলেকে ধৰি উপস্থিত বিষয়া-জোৱান সকলে তেওঁক গামোছা, ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। আনহাতে সম্বৰ্ধনাৰ অনুষ্ঠানত কমাণ্ডেণ্ট শৰ্মাই ২০১৯ চনৰ জুলাই মাহত ৰাণীত কমাণ্ডেণ্ট হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত বিগত প্ৰায় ৩ বছৰ ৪ মাহত সহকৰ্মী বিষয়া-জোৱান সকলৰ পৰা লাভ কৰা সহায় – সহযোগিতাৰ কথা সদায় চিৰদিন শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি সদৰি কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদায়ী কমাণ্ডেণ্টৰ সন্মানাৰ্থে এক বৰাখানাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে সুভাষ চন্দ্ৰ শৰ্মাৰ স্থানত বাহিনীটোৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ে কমাণ্ডেণ্ট ৰবি কুমাৰ ঝাঁক নিযুক্তি দিছে আৰু তেওঁ অহা ২৩ নৱেম্বৰত দায়িত্বভাৰ গ্ৰহণ কৰিব।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন