অসমীয়া ছবি জগতলৈ পুনৰ আহিছে এক ভাল খবৰ। ভবেন হাজৰিকাৰ কাহিনী আৰু পৰিচালনাৰে সত্ৰ নগৰী মাজুলীকেন্দ্ৰিক তথ্যচিত্ৰ ‘আলধৰা দি পাথ অব্ লাইফʼ চুটি ছবিখনে ১০তম দিল্লী আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে।এই খৱৰটোৱে ছবিখনৰ লগত জড়িত সকলো কলা-কুশলীক উৎসাহিত কৰাৰ লগতে মহাপুৰুষজনাৰ অমৰ সৃষ্টি সত্ৰ বিশ্বদৰবাৰত পুনৰ এবাৰ জ্বিলিকাই তুলিবলৈ সক্ষম হৈছে। সত্ৰীয়া সংস্কৃতিৰ সকলো উপাদান থকা তথ্যচিত্ৰখনৰ গীতত কণ্ঠদান কৰিছে শিশুশিল্পী ত্ৰিদীপ শইকীয়া,সঞ্জয় বৰা আৰু নতুন কমলাবাৰী সত্ৰৰ বৰগায়ন প্ৰফুল্ল বৰাই।অভিনয় শিল্পীসকল হৈছে শ্ৰী হৰি বৰা বৰবায়ন,গোবিন বৰা পাঠক,কৰুণা বৰা,সংগীত নাটক অকাডেমি বঁটা প্ৰাপক হৰিচৰণ ভূঞা বৰবায়ন,দিলীপ শৰ্মা,চন্দ্ৰ হাজৰিকা,ৰমেশ বৰা,শিশুশিল্পী স্বপ্ননীল হাজৰিকা,অনুৰাগ কলিতা,গোপাল বৰা,কৃষ্ণ বৰা আদি বহুকেইজন।কেমেৰা পাপু বৰা,সম্পাদনা ঋষিকেশ দাস আৰু ৰূপ সজ্জা সীমান্ত কলিতাৰ আৰু প্ৰযোজনা প্ৰতিভা বৰাৰ। তথ্যচিত্ৰখন অহা ২৪ অক্টোবৰত নতুন দিল্লীত প্ৰদৰ্শন হ’ব।আনুষ্ঠানিক শিক্ষাৰ লগতে সত্ৰীয়া সংস্কৃতিৰে প্ৰভাৱিত কৰি দৈনন্দিন ব্যৱহাৰ্য কৰ্মৰাজিৰ সকলো শিক্ষাৰে শিক্ষিত কৰাৰ সবল উপস্থাপনেৰে আসোঁৱাহপূৰ্ণ আৰু অপশক্তিৰ ক্ৰমাগত বিস্তাৰে কোঙা কৰা সমাজ ব্যৱস্থা সত্ৰীয়া সংস্কৃতিৰে শুধৰোৱাৰ প্ৰচেষ্টা আৰু বিভিন্ন কলাৰ জৰিয়তে সকলোকে জাতীয় জীৱনৰ সৈতে চিনাকি কৰায় দিয়াৰ উদ্দেশ্যৰে ‘আলধৰা’ৰ সৃষ্টি বুলি একে উশাহতে কʼব পাৰি। ভবিষ্যতেও ‘আলধৰা’ৰ দ্বৰে অন্য বিষয়বস্তুৰে এনে ধৰণৰ চুটি ছবি নিৰ্মাণ কৰি যাব বুলি ভবেন হাজৰিকাই আমাক জানিবলৈ দিছে।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls