আত্মৰক্ষাৰ কৌশল শিকাত ব্যস্ত এজাক শিশু,কিশোৰ কিশোৰী-জামুগুৰিহাটৰ খেলাপথাৰত চলিছে অনুশীলন

0 219

বিপদৰ সময়ত নিজকে ৰক্ষা কৰিবৰ বাবে আত্ম ৰক্ষাৰ কৌশল শিকাত ব্যস্ত এজাক শিশুৰ লগতে কিশোৰ কিশোৰী।জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাৰ চৌহদত এইসকল শিশুৰ লগতে কিশোৰ কিশোৰীয়ে দৈনিক সমৰ কলাৰ অনুশীলন চলাইছে।বিগত সময়ত কভি’ড মহামাৰীৰ পৰিপেক্ষিতত এই অনুশীলন কিছুদিন বন্ধ হৈ আছিল যদিও কভি’ড জনিত পৰিস্থিতিৰ কিছু শাম কটাৰ পাছত এতিয়া পুনৰ অনুশীলন চলিছে । জামুগুৰিহাটৰ এক্টিভ ওৱাৰিয়ৰ টাইকোনডো একাডমীৰ উদ্যোগত চলা এই প্ৰশিক্ষণ শিবিৰত তিনি গৰাকী প্ৰশিক্ষকে সমৰ কলাৰ প্ৰশিক্ষণ দিছে।অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত এই টাইকোনডো একাডমীত প্ৰশিক্ষণ প্ৰাপ্ত কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে ইতিমধ্যেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত সফলতা লাভ কৰি জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.