শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ” সংগীত সত্ৰৰ সপ্তম সমাৱৰ্তন “খন ২৩ অক্টোবৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হৈ যায় । সমাৱৰ্তনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ , সংগীত নাটক অকাডেমি বঁটা প্ৰাপক , সংগীতাচাৰ্য যতীন গোস্বামী , ঘনকান্ত বৰা বৰবায়নকে ধৰি সত্ৰীয়া সংগীত ক্ষেত্ৰখনৰ লগত জড়িত বহু কেইগৰাকী পুৰোধা ব্যক্তি উপস্থিত থাকে । আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তত সংগীত সত্ৰৰ অধীনত থকা ভিন ভিন শিক্ষা প্ৰতিষ্ঠানৰ গুণীন উপাধিধাৰী শিক্ষাৰ্থী সকলক মানপত্ৰ , সম্বৰ্ধনা আৰু স্বীকৃতি প্ৰদান কৰা হয় । অনুষ্ঠানত গুৱাহাটীৰ আমবাৰীস্থিত পটেনচিয়েল এণ্ড কনচেপ্ট একাডেমীৰ একাদশ বর্ষত অধ্যয়নৰত ছাত্ৰী আৰু সত্ৰীয়া গুৰু নাৰায়ণ কলিতাৰ অধীনত শিক্ষা গ্ৰহণ কৰা আকাংক্ষা ভৰদ্বাজক গুণীন উপাধিধাৰী নৰ্তন সকলৰ মাজত বিশেষ স্থান লাভৰ স্বীকৃতি প্ৰদান কৰা হয় । উল্লেখযোগ্য যে আকাংক্ষা গুৱাহাটীৰ এক নং ৱাৰ্ডৰ পাণ্ডু শদিলাপুৰ নিবাসী , বিশ্বজিত বৰ্মন আৰু আল্পনা বৈশ্য বৰ্মনৰ কনিষ্ঠা কন্যা।
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন