বঙাইগাঁও শোধনাগাৰত সতৰ্কতা সজাগতা সপ্তাহ পালন।

0 233

নামনি অসমৰ একমাত্ৰ বৃহৎ তৈল উদ্যোগত বঙাইগাঁও শোধনাগাৰ চমুকৈ বিজিআৰত আজিৰে পৰা ‘সতৰ্কতা সজাগতা সপ্তাহ’ পালনৰ আনুষ্ঠানিকতা শুভাৰম্ভ কৰা হয়। ‘Independent India@75 Self Reliance with Integrity’ মূল প্ৰসঙ্গ হিচাপে গ্ৰহণ কৰি দেশে পালন কৰা সতৰ্কতা সজাগতা সপ্তাহৰ শপত বাক্য পাঠ অনুষ্ঠানৰ জৰিয়তে বিজিআৰত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে শোধনাগাৰটোৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এছ পি বৰুৱাই।
এছ পি বৰুৱাই শোধনাগাৰ কৰ্মচাৰী সকলক ইংৰাজীত শপত বাক্য পাঠ কৰোৱাৰ পাছতেই হিন্দী আৰু অসমীয়াত শপত বাক্য পাঠ কৰোৱায় ক্ৰমে মুখ্য মহা প্ৰৱন্ধক(TS & HSE) এছ বি লহকৰ আৰু মুখ্য মহা প্ৰৱন্ধক (Technical) জে জে দাসে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰতীয় তেল নিগমৰ অধ্যক্ষ আৰু CVC, CVOৰ দ্বাৰা প্ৰেৰিত শুভেচ্ছা বাণী পাঠ কৰে ক্ৰমে জৰ্জ ইছোৱাৰী(GM i/c HR), প্ৰদীপ পেগু(GM) আৰু চি কে মানচেয় (DGM)। সতৰ্কতা সজাগতা সপ্তাহ উদযাপন উপলক্ষ্যে কৰ্মচাৰী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনলাইন যোগে শ্লোগান, ৰচনা আদি লিখা,ছবি অঁকা, ফেন্সী ড্ৰেচ আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি শোধনাগাৰ কতৃপক্ষই সদৰি কৰে। আজিৰ অনুষ্ঠানত সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি শোধনাগাৰৰ ৬০ জন বিষয়া কৰ্মচাৰীয়ে প্ৰত্যক্ষ ভাৱে অংশগ্ৰহণ কৰাৰ বিপৰীতে বাকী সকলে ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.