অনাগত পাঁচটা বছৰ অসমৰ বাবে নৱজাগৰণ আৰু পুনৰুত্থানৰ পাঁচটা বছৰ হ’ব-মুখ্যমন্ত্রী

0 251

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি থাওৰা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বিজেপি দলৰ প্রার্থী সুশান্ত বৰগােহাঁইৰ সমৰ্থনত টেঙাপানী ট্রাইবেল হাইস্কুল খেলপথাৰ,গোঁহাইবাৰী চাহ বাগিচা খেলপথাৰ, নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, লখিমীপথাৰ আৰু পালেঙী হাইস্কুল খেলপথাৰত আয়ােজিত ৫ খন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি বিজেপি,অগপ আৰু ইউ পি পি এলৰ মিত্ৰজোঁটৰ প্রার্থী সুশান্ত বৰগােহাঁইক বিপুল ভােটত জয়যুক্ত কৰাৰ বাবে সমষ্টিবাসী ভােটাৰ ৰাইজক আহ্বান জনায়।
জনাকীর্ণ নির্বাচনী সভা কেইখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে থাওৰা সমষ্টিত বিৰােধীয়ে কেৱল ভাওনা চাবলৈ আহিছে। ঘৰৰ ল’ৰা সুশান্ত বিজয় হৈ সমষ্টিটোৰ ক্ষিপ্র উন্নয়ন কৰিব। তেখেতৰ নেতৃত্বত থাওৰা সমষ্টিৰ উন্নয়নে বিশেষ মাত্রা লাভ কৰিব বুলি উল্লেখ কৰি বিৰােধীয়ে কেৱল বিবৃতিৰ জৰিয়তেহে নিজৰ অস্তিত্ব জাহিৰ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
বিৰােধীয়ে জনসাধাৰণক নেতিবাচক কথা কৈ বিদ্রোহী কৰি ৰাখিব বিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কেৱল বিজেপিয়েহে জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ কাম কৰা বাবে বিজেপিৰ পতাকা এতিয়া প্ৰতিগৰাকী জনসাধাৰণৰ হৃদয়ত অংকিত হৈ আছে বুলি কয়। বর্তমানৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে নতুন প্রজন্মৰ বাবে নতুন অসম নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰি অনাগত পাঁচটা বছৰ অসমৰ বাবে নৱজাগৰণ আৰু পুনৰুত্থানৰ পাঁচটা বছৰ হ’ব বুলিও তেওঁ কয়। তেখেতে মুখ্যমন্ত্ৰী হৈ থকালৈকে ২০২৬ চনৰ ভিতৰতে সকলাে জনজাতীয় লােকে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি বিগত পাঁচটা মাহৰ ভিতৰতে চৰকাৰখনে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। জনজাতীয় কৃষ্টি আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে চৰকাৰখনে ঐকান্তিকতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি ইয়াৰ বাবে খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি নামৰ নতুন বিভাগ এটা খােলা হৈছে বুলিও তেওঁ কয়। অসমৰ পূৰ্বৰ কোনাে এখন চৰকাৰে এনেধৰণৰ চিন্তা-চৰ্চা কৰা নাছিল বুলিও তেওঁ কয়। আগন্তুক পাঁচটা বছৰত সমগ্র থাওৰা সমষ্টিত উন্নয়নৰ চুনামি আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্রার্থী সুশান্ত বৰগােহাঁইক বিপুল ভােটত জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়।
আনহাতে টেঙাপানী ট্রাইবেল হাইস্কুল খেলপথাৰত আয়ােজিত নির্বাচনী সভাখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বানে গৰকা পানীদিহিং অঞ্চলৰ জনসাধাৰণে আগন্তুক সময়ত চকুত লগা উন্নয়ন প্রত্যক্ষ কৰিবলৈ সক্ষম হ’ব। এই অঞ্চলটোত উন্নয়নৰ চুনামিৰ সৃষ্টি হ’ব। নির্বাচনী সভাৰ পূর্বে স্থানীয় জনসাধাৰণে বিভিন্ন দাবী উত্থাপন কৰিছে বুলি উল্লেখ কৰি এই অঞ্চলটোক বানমুক্ত কৰাৰ বাবে এটা পথ তথা মথাউৰি নির্মাণ, দিচাং আৰু দিহিং নদীৰ ওপৰত দুখন দলং নির্মাণ, চাপৰিপুৰত বানৰ সময়ত জনসাধাৰণে যাতে ভালদৰে আশ্রয় ল’ব পাৰে তাৰ বাবে সৌৰ চাকিসহ ওখ আশ্রয় গৃহ নির্মাণ, ঘৰচীয়া জীৱ জন্তুৰ বাবে হাইলেণ্ড নির্মাণ, টেঙাপানীত এখন পশু চিকিৎসালয় স্থাপন, পশ্চিম পানীদিহিং অঞ্চলৰ বাসিন্দাসকললৈ ভূমিৰ পট্টা প্রদান, হাতীৰ উপদ্ৰৱ লাঘৱ কৰাৰ বাবে অঞ্চলটোত চ’লাৰ ফেন্সিঙৰ ব্যৱস্থা, কোকিলাবাৰী স্বাস্থ্য উপ-কেন্দ্ৰখনক এখন হাস্পতাললৈ উন্নীত কৰা, টেঙাপানীৰ বলীয়াবাবা থানখনৰ আন্তঃগাঁথনি উন্নীতকৰণেৰে এখন অন্যতম পর্যটনস্থলীলৈ ৰূপান্তৰ কৰা, ধাই আলিৰ পৰা ৰূপহীবামলৈ থকা পথছােৱা উন্নীত কৰা, অঞ্চলটোৰ লুইতপৰীয়া জনজাতীয় হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰণ, কোকিলাবাৰী শনিবৰীয়া বজাৰৰ সমীপৰ খহনীয়া ৰােধ কৰা, মিলনপুৰৰ দুখন দুর্বল দলং নতুনকৈ নির্মাণ ইত্যাদিৰ বাবে জনসাধাৰণে জনােৱা দাবীসমূহ চৰকাৰে বিবেচনা কৰি পদক্ষেপ ল’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
ইয়াৰ পিছতে গােহাঁইবাৰী চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে গোঁহাইপুখুৰী লাইবিল, ভেঁকুৰী চাপৰিৰ খহনীয়া প্ৰতিৰােধ, আহােম পথাৰ ভেঁকুৰী চাপৰি, ৰজাবাৰী হৈ চোমনি তিনিআলিলৈ পথ তথা মথাউৰি নিৰ্মাণ আৰু ভেঁকুৰী চাপৰি আৰু লাইবিলত ৰিং বান্ধ, দিহিংমুখ হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা, দিহিং নদীৰ ওপৰত ইটাখুলিত দলং নির্মাণ, নিতাইপুখুৰীৰ পৰা ৰজাবাৰীলৈ থকা পথছােৱা বহলকৰণ ইত্যাদিৰ বাবে স্থানীয় ৰাইজে জনােৱা দাবী চৰকাৰখনে নিষ্ঠাৰে লৈ পদক্ষেপ গ্রহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাত অনুষ্ঠিত নির্বাচন সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ প্রার্থী সুশান্ত বৰগােহাঁইক ভােট দি জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়। নিতাইপুখুৰী মহাবিদ্যালয়ত বিজ্ঞান শাখা প্রৱর্তন,নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰখনক গ্রাম্য ষ্টেডিয়ামলৈ ৰূপান্তৰ, থাওৰা সমষ্টিৰ সকলােবােৰ দুখীয়া জনসাধাৰণক অৰুণােদয় আঁচনিৰে উপকৃত কৰা ইত্যাদি জনসাধাৰণে জনােৱা দাবীসমূহ পূৰণৰ দিশত চৰকাৰে পদক্ষেপ ল’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
আনহাতে লখিমী পথাৰত অনুষ্ঠিত নির্বাচনী সভাত মহাৰাণী গাঁও পঞ্চায়তৰ বাসিন্দাসকললৈ ভূমিৰ ম্যাদী পট্টা, ডিমৌ নদীৰ ওপৰত ৰূপাইপুৰ তিনিআলিৰ পৰা ধাই আলিলৈ এটা গাইড বান্ধ, অঞ্চলটোৰ জনসাধাৰণক হাতীৰ উপদ্ৰবৰ পৰা ৰক্ষা কৰাৰ বাবে চলাৰ ফেন্সিং, অঞ্চলটোৰ জনজাতীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়খন প্রাদেশিকীকৰণ ইত্যাদি বিষয়সমূহ সামৰি জনসাধাৰণে জনােৱা আহ্বান চৰকাৰখনে পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
ইয়াৰ পিছতে পালেঙী হাইস্কুল খেলপথাৰত আয়ােজিত নির্বাচনী সভাত পালেঙী হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা, বকুলডুবীয়াৰ পৰা আখৈফুটীয়া ঘাটলৈ মথাউৰি নির্মাণ, অঞ্চলটোৰ গৰাখহনীয়া সমস্যা সমাধান ইত্যাদি সন্দৰ্ভত স্থানীয় জনসাধাৰণে জনােৱা দাবীসমূহ চৰকাৰে পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
এই নির্বাচনী সভা কেইখনত মন্ত্রীসকল ক্ৰমে ডাঃ ৰণােজ পেগু, যােগেন মহন, পীযুষ হাজৰিকা, সাংসদ সকল ক্রমে প্রদান বৰুৱা, তপন কুমাৰ গগৈ, বিধায়ক সকল ক্রমে ভূৱন পেগু, চক্ৰধৰ গগৈ, উৎপল বৰা, মানৱ ডেকা, সুৰেন ফুকন, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গােহাঁই, মিচিং
স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগিয়া, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, সােণােৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্রাৰী, প্রাক্তন বিধায়ক কুশল দুৱৰী, নৱনীতা সন্দিকৈ, গুৰুজ্যোতি দাস, থাওৰা সমষ্টিৰ বিজেপিৰ প্রার্থী সুশান্ত বৰগােহাঁইৰ লগতে মিত্ৰজোঁটৰ দল কেইটাৰ শীর্ষ নেতাসকলে অংশগ্রহণ কৰে।

Leave A Reply

Your email address will not be published.