গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি ( এন এছ এছ ) গোট আৰু গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ সহযোগত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কৌশল বিকাশ আৰু জীৱিকা পৰামৰ্শৰ প্ৰশিক্ষণ শিবিৰৰ আৰম্ভ হৈছে । আৰম্ভণি অনুষ্ঠানত ভাগ লৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্তই সমাজত এনএছএছ-ৰ দায়বদ্ধতা সমন্ধীয় বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত মূখ্য অতিথিৰূপে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক আৰু এন এছ এছ কোষৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিক তেওঁ কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি ২০১৯-২০ বৰ্ষৰ বঁটা লাভ কৰা বাবে তেওঁক মহাবিদ্যালয়ৰ প্ৰতীক চিহ্নযুক্ত এখনি ফুলাম গামোছা আৰু এটি ফুলৰ তোৰাৰে অধ্যক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত ভাষণত ডঃ কাকতিয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এনএছএছ সম্বন্ধীয় তেঁওৰ অভিজ্ঞতা সমূহ অভিব্যক্ত কৰাৰ লগতে জীৱনত কৌশল বিকাশৰ মাধ্যমেৰে নিজৰ লক্ষ্যত উপনীত হবলৈ অনুপ্ৰেৰণা যোগায়। অনুষ্ঠানটোত উপাধ্যক্ষ দীপিকা ৰয় মেধিয়ে ‘মোৰ দেশ’ শীৰ্ষক কবিতাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক দেশ সেৱাৰ বাবে উদ্বুদ্ধ কৰি তোলে। চাৰিদিনীয়া শিবিৰত প্ৰশিক্ষক হিচাপে মেঘনা কৌশিকে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰ অহা ২৮ অক্টোবৰত সামৰণি পৰিব।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan