বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটৰ পাঁচ আলিৰ সমীপৰ ১২ নং ৱাৰ্ডৰ বাসিন্দা চয়নিকা সভাপণ্ডিতৰ বাসগৃহত উপস্থিত হৈ মেধাৱী ছাত্ৰীগৰাকীক সৌহাদ্যমূলকভাৱে সাক্ষাৎ কৰে । আৰ্থিক সংকটৰ বাবে শাক- পাচলিৰ দোকান দিয়া ছাত্ৰীগৰাকীক কিছু সকাহ দিয়াৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা ৫০,০০০ টকাৰ চেকো প্ৰদান কৰে । চেক প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এয়া সামান্য আশীৰ্বাদহে । ছাত্ৰীগৰাকীৰ অভাৱসমূহ সমূলঞ্চে দূৰ নহ’লেও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই মৰম আৰু আশীৰ্বাদে কিছু হ’লেও সকাহ দিব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ ছাত্ৰীগৰাকীৰ উজ্জল ভৱিষ্যৎ কামনা কৰাৰ লগতে এনে প্ৰয়াসৰ শলাগ লয় । মন্ত্ৰীগৰাকীৰ সৈতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত আছিল । উল্লেখযোগ্য যে কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকী মেধাৱী হোৱাৰ লগতে এগৰাকী সু-গায়িকাও । এখন অপ্ৰাদেশীকৃত মহাবিদ্যালয়ত চাকৰি কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া পিতৃক সহায় কৰাৰ উদ্দেশ্যে ছাত্ৰীগৰাকীয়ে ক’ভিড পৰিস্থিতিৰ মাজতে ঘৰৰ সন্মুখতে শাক-পাচলিৰ দোকান আৰম্ভ কৰে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন