চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন

0 130

এখন সমাজৰ উত্তৰণত শিল্প কলাই গুৰুত্বপূৰ্ণ ভূমিকা লয় -বশিষ্ঠস্হিত চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ত নৱ নিৰ্মিত বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱনটি উদ্বোধন কৰি আজি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়।
জীৱেশ্বৰ বৰুৱাই ১৯৪৭চনৰ ১৫ আগষ্টত গুৱাহাটী আৰ্ট স্কুল হিচাপে প্ৰতিষ্ঠা কৰা পিছলৈ মহাবিদ্যালয় হিচাপে উত্তীৰ্ণ হোৱা এতিয়া ৭৯ বছৰীয়া অসমৰ এই চাৰু কাৰু কলা মহাবিদ্যালয় খনৰ বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি মন্ত্রী বিমল বড়াই আজি উদ্বোধন হোৱা ভৱনটোৱে মহাবিদ্যালয় খনৰ এটি দীর্ঘ দিনীয়া অভাৱ পূৰণ হোৱা বুলিও উল্লেখ কৰে।
ছাত্ৰ ছাত্ৰীৰ বাবে পুথি পাঁজিৰ পৰা আৰম্ভ কৰি উন্নত মানৰ সা- সজুলি তথা আৰ্ট গেলাৰীলৈকে পৰ্যায়ক্ৰমে ব্যৱস্হা কৰিব পৰা হ’ব বুলি ব্যক্ত কৰি মহাবিদ্যালয় খনৰ উন্নয়নৰ বাবে অচিৰেই এক কোটি টকা মুকলি দিয়া হ’ব বুলিও ঘোষণা কৰে।ইয়াৰ বাবে ডি পি আৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগৰে যোগাযোগ কৰিবলৈ বিভাগীয় বিষয়া সকলক মন্ত্রী বড়াই নিৰ্দেশ দিয়ে।
মন্ত্রী গৰাকীয়ে মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ চিত্র প্ৰদৰ্শনী এখনো পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ ভাস্কর্য বিভাগলৈও গৈ কাম কাজৰ বুজ লয়।চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী,অধ্যাপক- অধ্যাপিকা,বৰ্তমানৰ শিক্ষাৰ্থী সকলৰ উপস্থিতিত অধ্যক্ষ ড০ নৱজিৎ ডেকাই আদৰণি ভাষণ প্ৰদান কৰা উদ্বোধনী সভাখনত ৰাজ্য চৰকাৰৰ* সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড০বি কল্যাণ চক্ৰৱৰ্তীয়ে তেখেতৰ ভাষণত অসমৰ চাৰু কাৰু কলাৰ ঐতিহ্যৰ কথা বাখ্যা কৰে। চক্ৰৱৰ্তীয়ে অসমত শিল্প-সংস্কৃতি চৰ্চা কৰা লোকেৰে ভৰি আছে বুলিও কয়।সভাত সাংস্কৃতিক সঞ্চালক ৰাহুল চন্দ্র দাসেও ভাষণ প্ৰদান কৰে। উল্লেখ্য যে সভাৰ পাছতে শিক্ষানুষ্ঠান খনৰ ছাত্ৰ -ছাত্ৰী সকলে ইয়াৰ বিভিন্ন সমস্যাৰ কথা মন্ত্রী বড়াক অৱগত কৰে।

Leave A Reply

Your email address will not be published.