চৰকাৰৰ হাতত জমা থকা চাহ উপকৰৰ প্ৰায়১৮০ কোটি ব্যৱহাৰৰ সিদ্ধান্ত

0 205

ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ আৰু সদৌ বড়োলেণ্ড ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধি সকলৰ এখন সভা আজি দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হয়।
শ্ৰম বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্রবর্তী আৰু উদ্যোগ বিভাগৰ সচিব লক্ষ্মনণ এছ ,অসম চাহ সঞ্চালকালয়ৰ সঞ্চালক ৰমেন লাল বৈশ্যৰ উপস্থিতিত অনুষ্ঠিত সভাখনত পূৰ্বে সেউজীয়া চাহ পাতৰ ওপৰত আৰোপ কৰা উপকৰ হিচাপে সংগৃহীত চৰকাৰৰ হাতত জমা থকা প্ৰায় ১৮০ কোটি টকা ক্ষুদ্র চাহ উদ্যোগৰ উন্নয়নৰ বাবে ব্যয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধি সকলৰ পৰামৰ্শ ক্ৰমে এই ক্ষেত্রত পৰিবৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাকৈ “উপকৰ ব্যবহাৰ নীতি ২০১৭” ৰ সংশোধনীৰ প্ৰস্তাৱ গ্রহণ কৰি ইয়াৰ অনুমোদনৰ বাবে কেবিনেটলৈ প্ৰেৰণৰ বাবেও সভাত সিদ্ধান্ত লোৱা হয়।
এই‌ সংশোধিত উপকৰ ব্যৱহাৰ নীতিৰ জৰিয়তে ক্ষুদ্র চাহ খেতিত যান্ত্রিকীকৰণ,বৃহৎ আৰু ক্ষুদ্র চাহ কলঘৰ স্থাপন,মেচিন ক্ৰয়, চাহ পাত কঢ়িওৱা বাহন ক্ৰয়, পূৰণি যন্ত্র পাতিৰ পৰিবৰ্তন, জলসিঞ্চনৰ ব্যবস্থা,চাহ পুলি পুনৰৰোপন, চাহ খেতিৰ জৈৱকীকৰণ,পেকেজিঙৰ লগতে চাহ খেতিয়ক সকলৰ দক্ষতা বৃদ্ধিৰ বাবে কৰ্ম শালা,প্ৰশিক্ষণ আৰু শিক্ষা মূলক ভ্রমণ আদিৰ প্ৰস্তাৱ ৰখা হৈছে।তদুপৰি অসমত চাহ শিল্পৰ উন্নয়নৰ বাবে অৱদান আগবঢ়োৱা সকলক মণিৰাম দেৱান, সোণেশ্বৰ বড়া,গংগাধৰ শইকীয়া, তুলসী কুৰ্মী, প্ৰণয় বসুমতাৰী,চেনীৰাম খনিকৰৰ নামত বটাঁ প্ৰদান সন্দৰ্ভতো সভাত আলোচনা কৰা হয়।

Leave A Reply

Your email address will not be published.