চৰাইদেউ জিলাত বিভিন্ন কাৰ্যসূচীৰে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

0 153

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস দিনজোৰা কাৰ্য্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হয়।

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰি ৰাজহুৱা খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

পতাকা উত্তোলনৰ পূৰ্বে উপাধ্যক্ষ গৰাকীয়ে দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰি সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত উপাধ্যক্ষ গৰাকীয়ে কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে।

জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী আৰু আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰ্মনৰ উপস্থিতিত মুখ্য অতিথি ৰূপে প্ৰদান কৰা ভাষণত উপাধ্যক্ষ গৰাকীয়ে দেশৰ বীৰ শ্বহীদ, মুক্তি-যুঁজাৰু সকলৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ সুৰক্ষাত নিয়োজিত নিৰাপত্তা বাহিনীসমূহৰ সাহস আৰু পৰাক্ৰমৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰে। ভাষণ প্ৰসঙ্গত মুখ্য অতিথি গৰাকীয়ে কয় যে, সকলো উৎকন্ঠাৰ অন্ত পেলাই যোৱা ২৬ জুলাইত ইউনেস্ক’ই চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰা বিষয়টো জিলাখনত বাবে এক অতিকৈ আশাব্যঞ্জক বতৰা৷ তেওঁ কয় যে, সাংস্কৃতিক শাখাত মনোনীত চৰাইদেউ মৈদাম ভাৰতৰ ৪১ সংখ্যক বিশ্ব ঐতিহ্যক্ষেত্ৰ আৰু এই স্বীকৃতিয়ে অনাগত সময়ত অঞ্চলটোৰ পৰ্যটনক যথেষ্ট উত্থান ঘটোৱাই নহয়; এই স্বীকৃতিয়ে এই স্থানৰ উন্নত সংৰক্ষণ আৰু পৰিচালনাত সহায় কৰোৱাই অসমক বিশ্ব পৰ্যটন মানচিত্ৰতো স্থান দিব। ভ্ৰমণকাৰীসকলে উন্নত আন্তঃগাঁথনি, ট্যুৰ গাইড আদি সা-সুবিধাৰে ভাৰতীয় ইতিহাসৰ এই সীমিত পৰিচিত অধ্যায়টোৰ গভীৰতা জানিবলৈ আগ্ৰহী হ’ব পাৰিব বুলিও তেওঁ মন্তব্য কৰে। এতিয়াৰে পৰা চৰাইদেউ কেন্দ্ৰিক জীৱন-জীৱিকাৰ সুচলতাৰ নতুন নতুন বাট মুকলি হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷চৰাইদেউ মৈদামৰ ইউনেস্ক’ৰ স্বীকৃতিয়ে আমাৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ গুৰুত্ব বঢ়োৱাৰ লগতে বহনক্ষম পৰ্যটনেৰে এই ক্ষেত্ৰখন এক উদ্যোগলৈ আগবাঢ়িব বুলিও তেওঁ উল্লেখ কৰে৷

নিজ ভাষণত তেওঁ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জিলাখনৰ সৰ্বোত্তম উন্নতিৰ লক্ষ্যৰে গ্ৰহণ কৰা জনকল্যানকামী আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰি এই সমূহৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণৰ পূৰ্ণ সহযোগিতা কামনা কৰে। তেওঁ জিলাখনৰ শিক্ষা, স্বাস্থ্য, গ্ৰামোন্নয়ণ, কৃষি তথা ইয়াৰ সহযোগী খণ্ড, পথ- যোগাযোগ, জনস্বাস্থ্য কাৰিকৰী, পৰিবহন আদি বিভাগৰ অধীনস্থ আঁচনিসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত জিলা প্ৰশাসনে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰে।

ইয়াৰ পিছতে মুখ্য অতিথি গৰাকীয়ে স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰী, বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তি আৰু কুচ- কাৱাজত অংশগ্ৰহণ কৰা বিজয়ী দলসমূহক সম্বৰ্ধনা তথা পুৰস্কাৰ প্ৰদান কৰাৰ লগতে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ মাৰ্গদৰ্শনত জিলখনৰ ঐতিহাসিক স্থানসমূহক বিষয়বস্তু হিচাপে লৈ আয়োজন কৰা এক বিশেষ আলোকচিত্ৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰে।

আজিৰ অনুষ্ঠানত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী যেনে: প্ৰণৱ কুমাৰ দত্তৰ নেতৃত্বত কোচ-ৰাজবংশী লোকনৃত্য “হুদুম”, অন্তৰা হুছেইন আৰু প্ৰীতিমা চাংমাইৰ দ্বাৰা দেশপ্ৰেমমূলক কবিতাৰ দ্বৈত আবৃত্তি, সোণাৰি মুখা সাংস্কৃতিক নাট্য দলটিৰ দ্বাৰা প্ৰদৰ্শিত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতামূলক নাট, চৰাইদেউ কলাকেন্দ্ৰৰ চেমনীয়া বিহু দলৰ দ্বাৰা প্ৰদৰ্শিত বিহু নৃত্য আদিয়ে প্ৰতিকুল বতৰৰ বাধা নেওচি স্বাধীনতা দিৱসৰ কাৰ্যসূচীক চিত্তাকৰ্ষক কৰি তোলে।উল্লেখ্য যে পেৰেড প্ৰতিযোগিতাত পাটসাঁকো ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে প্ৰথম, ধেমাজি দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দ্বিতীয় আৰু ছেইণ্ট জোচেফ স্কুলে (বয়েজ) তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।এইবাৰ পেৰেডত মুঠ ১৬টি দলে অংশগ্ৰহণ কৰে।

আজিৰ অনুষ্ঠানত জিলাখনৰ সমাজ জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা তথা বিভিন্ন বিভাগৰ অধীনত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত ব্যক্তিসকল হ’ল ক্ৰমে: প্ৰগতিশীল কৃষক হেমিদুৰ ৰহমান, ২০২৪ বৰ্ষত ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰাইদেউ জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা অনুষা আহমেদ, শিক্ষা বিভাগৰ স্বেচ্ছামূলক কাৰ্যসূচী “বিদ্যাঞ্জলী”ৰ জৰিয়তে শৈক্ষিক ক্ষেত্ৰত অনবদ্য অবদান আগবঢ়াই অহা দুৰ্লভ পহুচুঙী, বিগত বৰ্ষত অৰুণাচল প্ৰদেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাৰ ২১ বছৰ বয়সৰ অনুর্ধৰ ৮৯ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা সুদিত্য বৰুৱা তথা ১৭ বছৰ বয়সৰ অনুর্ধৰ ১০২ কেজি শাখাত সোণৰ পদক লাভ কৰা কপিল সোণোৱাল, মহিলা আৰু শিশুসকলৰ পৰিপুষ্টিৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতাৰে কৰ্ম সম্পাদন কৰি অহা অংগনবাড়ী কৰ্মী পিংকী দাস দে, জিলাখনৰ বিভিন্ন ৰাজহুৱা স্থানত বৃক্ষ ৰোপনেৰে প্ৰকৃতি সুৰক্ষাৰ দিশত অগ্ৰণী ভূমিকা পালন কৰি অহা সমাজকৰ্মী অমৃত শ্যাম আৰু বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ ক্ষেত্ৰত দক্ষতাৰে নিজ কৰ্ম সম্পাদন কৰি অহা বিজু দত্ত।

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ,নিমন্ত্ৰিত মুক্তি যুঁজাৰু গোলাপী চেতিয়া, বিশিষ্ট অতিথিসকল, জিলা প্ৰশাসনৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।

স্বাধীনতা দিৱস উপলক্ষে আজি পুৱা ৫ বজাৰ পৰা জনসংযোগ বিভাগৰ অনুভাষ যন্ত্ৰযোগে তথা প্ৰভাত ফেৰীৰ জৰিয়তে দেশপ্ৰেমমূলক গীত প্ৰচাৰ, পুৱা ৭ বজাত ব্যক্তিগত বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৭-৩০ বজাত চৰকাৰী, অৰ্ধ-চৰকৰী, শিক্ষানুষ্ঠান, আৰু অন্যান্য ৰাজহুৱা স্থানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে সন্ধিয়া ৫:৩০ বজাত ৰাষ্ট্ৰীয় পতাকা অৱনমন কৰা হয়। তদুপৰি জিলা কাৰাগাৰৰ কাৰাবন্দী আৰু চৰাইদেউ মহকুমা চিকিৎসালয়ৰ ৰোগীৰ মাজত ফল-মূল বিতৰণ কৰা হয়।

এইবাৰ কিছু ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি পৰম্পৰাগত ক্রীড়াক অগ্ৰাধিকাৰ দি সোণাৰি ৰাজহুৱা খেলপথাৰত আবেলিৰ ভাগত টেকেলি ভঙা খেলৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মাজত ৰছী টনা খেল অনুষ্ঠিত কৰা হয়৷

Leave A Reply

Your email address will not be published.