ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ৰাজ্যিক ভিত্তিত গুৱাহাটী কলাক্ষেত্ৰত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় চৰিত্ৰাভিনয় প্ৰতিযোগিতাত যোৰহাটৰ ন-আলি ঢেকিয়াজুলি সুৱৰ্ণ প্ৰভা বৰদলৈ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী দলটিয়ে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে। উল্লেখ্য যে বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা সংগীত শিক্ষক বিপুল বুঢ়াগোহাঁই আৰু শিক্ষক মৃণাল শইকীয়াৰ পৰিচালনাত নাট্য দলটিয়ে ইতিপূৰ্বে যোৰহাট জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত কৰা জিলা ভিত্তিত চৰিত্ৰাভিনয় প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হৈছিল।অভিনয়ত অংশগ্ৰহণ কৰা দলৰ ছাত্ৰী ক্ৰমে বনস্মিতা গগৈ,ডিম্পী নেওগ, সুকণ্যা বৰা আৰু দেৱাশ্ৰী বৰা। শিক্ষক দুলাল বৰদলৈ আৰু শিক্ষয়িত্ৰী তুলসী বৰদলৈ তত্বাৱধানত যাত্ৰাকৰা দলটিয়ে চৰিত্ৰাভিনয় Role play খনিৰ ৰচনা নাট্যকাৰ তথা ভাস্কৰ্য শিল্পী প্ৰৱীন কুমাৰ বৰদলৈ।চৰিত্ৰাভিনয় দলটিয়ে অভিনয়ৰ জড়িয়তে বিদ্যালয়,অঞ্চল তথা জিলালৈ গৌৰৱ কঢ়িয়াই অনাত বিদ্যালয়ৰ অধ্যক্ষা ধৰিত্ৰী হাজৰিকাই বিদ্যালয়ৰ পৰিয়াল বৰ্গক কৃতজ্ঞতা জ্ঞাপন কৰে।
Trending
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান