ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান চৰাইদেউ জিলাৰ চাৰিখন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ

0 313

সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা মহামাৰী ক’ৰণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি দেশত অব্যাহত থকা লক ডাউনৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখা হৈছে। তাৰ বিপৰীতে চৰকাৰে শিক্ষানুষ্ঠান সমূহ বিশেষকৈ মহাবিদ্যালয় সমূহৰ শিক্ষকসকলে অনলাইন ব্যৱস্থাৰ জৰিয়তে এতিয়া পাঠদান কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
 
কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা এয়ে যে ৰাজ্যৰ এনে কিছু অঞ্চল আছে য’ত ম’বাইল নেটৱৰ্কৰ সমস্যাৰ লগতে বিদ্যুতৰ কোনো ধৰণৰ ব্যৱস্থাই নাই। তেনে পৰিপ্ৰেক্ষিতত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অনলাইন পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে।
 
আনহাতে অতি কম সময়ৰ ভিতৰতে মহাবিদ্যালয় সমূহৰ ষান্মাসিক পৰ্যায়ৰ চূড়ান্ত পৰীক্ষা সমূহো অনুষ্ঠিত কৰিবলৈ দিহা কৰাত এতিয়া বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰীসকল। শ্ৰেণীকোঠাত পাঠ গ্ৰহণ নকৰাকৈ এতিয়া বহু ছাত্ৰ ছাত্ৰী মানসিকভাৱে সাজু নহয় পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ। যাৰ ফলত চৰাইদেউ জিলাৰ চাৰিখনকৈ উচ্চ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া সমগ্ৰ বিষয়টো হৃদয়ংগম কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰীক আহ্বান জনাইছে।
 
আজি চৰাইদেউ জিলাৰ সোণাৰি মহাবিদ্যালয়, সোণাৰি বাণিজ্য মহাবিদ্যালয়, সাপেখাতি মহাবিদ্যালয় আৰু বৰহাট মহাবিদ্যালয় ছাত্ৰ একতা সভাই যৌথভাৱে এখন স্মাৰক পত্ৰ ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত কেইটামান দাবী উত্থাপন কৰে।
 
স্মাৰকপত্ৰত উল্লেখিত দাবী অনুসৰি আগন্তুক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে শিক্ষকসকলৰ তত্বাৱধানত ন্যুনতম ৪০-৬০ দিন শিক্ষা আহৰণৰ সুবিধা প্ৰদান কৰা, সাম্প্ৰতিক পৰিস্থিতিত বিপৰ্যয় হোৱা অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ পৰীক্ষাৰ মাছুল নিৰ্ধাৰণ কৰা, পূৰ্বৰ প্ৰশ্ন কাকতসমূহৰ গঠন প্ৰণালীৰ বিপৰীতে সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশ্নকাকতসমূহ প্ৰস্তুত কৰাত কিছু শিথিলতা অৱলম্বন কৰা, যিহেতু এই শিক্ষাবৰ্ষত পাঠ্যসূচী অতি ন্যুনতম পৰ্যায়লৈ আগবঢ়োৱা হ’ল গতিকে এই ক্ষেত্ৰত মহাবিদ্যালয় সমূহৰ বিষয়ভিত্তিক অধ্যাপক সকলক পাঠ্যসূচী অনুসৰি প্ৰশ্নকাকত প্ৰস্তুত কৰিবলৈ স্বতন্ত্ৰতা প্ৰদান কৰা, আনহাতে বিশ্ববিদ্যালয়সমূহত নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছে যদিও শিক্ষানীতিৰ পাঠ্যসূচী অনুসৰি একোখন পূৰ্ণাংগ পাঠ্যপুথিৰ অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত এই অভাৱ দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, চৰকাৰে তাৎক্ষণিকভাৱে ঘোষণা কৰা লক ডাউনৰ পৰিপ্ৰেক্ষিতত বহু ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় কিতাপ পত্ৰসমূহ হোষ্টেলসমূহতে থাকি গ’ল যাৰ ফলত এতিয়া পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ এইসকল ছাত্ৰ-ছাত্ৰী অসমৰ্থ। গতিকে ইয়াৰ সমাধান কৰিবলৈ শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰৰ জৰিয়তে আহ্বান জনায়। মন কৰিবলগীয়া যে এই সমস্যা সমূহ সমাধান নকৰাকৈ যদি অতি কম সময়ৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত কৰা হয় তেতিয়া হলে বহু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত এতিয়া অন্ধকাৰ হৈ পৰিব।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..
 

Leave A Reply

Your email address will not be published.