জনাই ভাল লগা কিছু কথা

0 312
PicsArt_08-14-08.05.51
আমাক স্বাধীনতা লাগে। স্বাধীনতা অামাৰ জন্মগত অধিকাৰ। তেজ দিম, তথাপিও দেশ নিদিও। কৰিম অথবা মৰিম। চৌদিশে শুনা গৈছে বীৰ সকলৰ, শ্বহীদ সকলৰ এক শ্লোগান। কাৰণ মহানগৰীৰ ৰাজপথত আজিৰ তাৰিখত গুঞ্জৰিত হৈছে স্বাধীনতাৰ জয়গান। ৰেডিঅ’ যোগে প্ৰচাৰিত হৈছে দেশ প্ৰেমৰ গীত। কেৱল এইয়াই নে? বজাৰ ভৰি পৰিছে জাতীয় পতাকা থকা তিনিটা ৰঙৰেই বহুবিধ সামগ্ৰী। পতকাৰ উপৰিও হেণ্ডবেগ, চেফটি পিন, মালা, চুৰ্ণীয়ে আজিৰ তাৰিখত বেচ সমাদৰ লাভ কৰিছে।
PicsArt_08-14-08.05.13
আনহাতে সহায়িকা নামৰ এটা সংস্থাই প্ৰতিবছৰৰ দৰে এইবাৰো বিশেষ ভাবে সক্ষম একাংশক লৈ ৰচিছে, স্বাধীনতা দিৱস উদযাপনৰ সোপান।তেওঁলোকক শিকাইছে দেশপ্ৰেমমুলক গীত,কবিতা অথবা জাতীয় পতাকা নিৰ্মানৰ কামকাজ। যি সদায়েই ব্যতিক্ৰম।
PicsArt_08-14-08.04.29
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিমৌৰ এগৰাকী শিপিনীয়ে জাতীয় সংগীতৰ পিছত ৰাষ্ট্ৰীয়সংগীত খোদিত কৰিছে এখনি বস্ত্ৰত। ইতিমধ্যে জানিব পৰা মতে বন্তি হাজৰিকা নামৰ এই শিপিনী গৰাকীয়ে জিলা উপায়ুক্তক বস্ত্ৰখন আজি প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে।স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এনে খবৰে বিশেষ তাৎপৰ্য্য বহন কৰিছে।
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেখাপোৱা কিছু ভাললগা প্ৰতিছবি আপোনালোকলৈ আগবঢ়ালো।এনে ধৰণৰ কাম কাজে হয়তো আপোনাৰ, মোৰ দৰে প্ৰতিজন দেশপ্ৰেমীৰে মন চুই যাব,মনলৈ আাশাৰ ৰেঙনি কঢ়িয়াব।
Leave A Reply

Your email address will not be published.