জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত দুখনকৈ গ্ৰন্থৰ লগতে গ্ৰীণ টিৰ পেকেটৰ শুভ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই

0 217

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমতলাস্থিত তথা চতিয়া সমষ্টিৰ এখন আগশাৰী মহাবিদ্যালয় হিচাপে পৰিচিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত মুখ্য অতিথি ৰূপে উপস্থিত থাকি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই দুখনকৈ গ্ৰন্থৰ লগতে গ্ৰীণ টিৰ পেকেটৰ শুভ উন্মোচন কৰে । মহাবিদ্যালযৰ ছাত্ৰ সংসদৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰসংগত কয় যে – আমাৰ যুৱক-যুৱতীসকলে বহি: ৰাজ্যলৈ গৈ চাকৰি মুখী নহৈ কৃষি-কৰ্মৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ সৃষ্টি কৰিব লাগিব । তেতিয়াহে অসম গৌৰৱ চাহে আন্ত:ৰাষ্ট্ৰীয় বজাৰত জনপ্ৰিয়তাৰ লগতে বিশেষ সমাদৰ লাভ কৰিব । এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ জৰিয়তে যি গ্ৰীণ টিৰ পেকেট আনুষ্ঠানিক ভাৱে ৰাইজৰ বাবে মুকলি কৰিলে, সেয়া সকলোৱে নিশ্চয়কৈ আদৰি লব বুলি তেখেতে আশা প্ৰকাশ কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.