ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত

0 158

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ নিৰ্দেশনা অনুসৰি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়তো ৩০ মেৰ পৰা ৫ জুনলৈ সপ্তাহযোৰাকৈ অনুষ্ঠিত হৈছে বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা ।প্ৰসূতিৰ স্বাস্থ্যৰ ওপৰত  গুণগত মানদণ্ডৰ প্ৰতিশ্ৰুতিবদ্ধতাৰে অনুষ্ঠিত কৰা হৈছে উক্ত বিশেষ কাৰ্যসূচী ।চিকিৎসালয় খনৰ অভিজ্ঞ স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ বিশেষজ্ঞৰ দ্বাৰা ৰঙিয়াৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত গৰ্ভৱতী মহিলা সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰসৱপূৰ্বক দিহা পৰামৰ্শ আগবঢ়ায় ।ইয়াৰ সমান্তৰালভাৱে চিকিৎসালয় খনত  সন্তান প্ৰসৱকৰা  পৰিয়ালৰ লোকক অসম চৰকাৰে আগবঢ়োৱা  সমাহাৰ আচনিৰ অধিনত পুষ্টিকৰ খাদ্য সামগ্ৰী বিতৰন কৰা  হয় ।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.