সুদীৰ্ঘকাল বিভিন্ন আলোচনী-সাহিত্য মূলক গ্ৰন্থ আদিত লেখা-মেলা কৰি অসমীয়া সাহিত্য জীপাল কৰি অহা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শ’লগুৰি গাঁৱৰ নিৱাসী অবসৰী শিক্ষক, কবি খগেন হাজৰিকাক গহপুৰৰ কবি কানন ৰূপহী পাৰৰ কৱিতা গোষ্ঠীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে৷ অসম সাহিত্য সভা,সদৌ অসম কবি সন্মিলন,সদৌ গ্ৰাম্য পুথিভৰাল,বাৰেচহৰীয়া ভাওনা সমিতি,ছাঁ সাহিত্য গোষ্ঠীৰ লগত জৰিত প্ৰবীন কবি গৰাকীক আজি আনুষ্ঠানিকভাৱে তেওঁৰ বাস গৃহত এই সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ এই উদ্দেশ্যৰে খগেন হাজৰিকাৰ বাসগৃহত ৰাষ্ট্ৰীয় শিক্ষকৰ বঁটা প্ৰাপক অবসৰী শিক্ষক মহেশ্বৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত এক গাম্ভীৰ্য্য পূৰ্ণ সভাত খগেন হাজৰিকাক তেওঁ সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান তথা ৰূপহী পাৰৰ কবিতা আলোচনীৰ নিষ্ঠাৰে আঞ্চলিক সম্পাদকৰ দায়িত্ব বহন কৰা বাৱে চেলেং,গামোছা,মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ ৮৫ বছৰ গৰকা প্ৰবীন কবি গৰাকীৰ সম্বৰ্দ্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি খগেন হাজৰিকাৰ সাহিত্য কৰ্মৰ ওপৰত বক্তৱ্য প্ৰদান কৰে- গহপুৰৰ কবি, সাহিত্যিক ,নগেন কোঁৱৰ,গহপুৰ কবি কাননৰ সভানেত্ৰী নিকুঞ্জ কোঞৰ মহন্ত,ৰূপহী পাৰৰ কবিতাৰ সম্পাদিকা সৱিতা কোঁৱৰ,জামুগুৰি সাহিত্য সভাৰ সম্পাদক নাৰায়ন শইকীয়া,নদুৱাৰ প্ৰেছ ক্লাৱৰ সভাপতি ফণীন্দ্ৰ বৰুৱা,জামুগুৰিহাটৰ বিশিষ্ট সমাজকৰ্মী যোগেন বৰুৱা,গহপুৰৰ বিশিষ্ট কবি ,সাহিত্যিক অনন্ত বৰাই ৷ সভাখনিত বিভিন্নজনে কবিতা আবৃত্তিৰেও কবি খগেন হাজৰিকাক অভিনন্দন জ্ঞাপন কৰে ৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক প্ৰাণৱন্ত কৰি তোলা খগেন হাজৰিকাই ঝংকাৰ,আহক এজাক সেউজীয়া বৰষুণ,একাজলি কৱিতাৰ সুৱাস,কাব্য সংকলনৰ লগতে শোণিতপুৰীয়া শব্দ সমলয়,নামৰ এখন কাব্য সংকলনো সম্পাদনা কৰে ৷ সভাৰ অন্তত খগেন হাজৰিকাৰ পৰিয়াল বৰ্গৰ হৈ বিষয় শিক্ষক বিপুল বৰা আৰু গহপুৰ কবি কাননৰ হৈ শলাগৰ শৰাই আগবঢ়ায় নিকুঞ্জ কোৱঁৰ মহন্তই৷গাম্ভীৰ্য্যপূৰ্ণ সভাখনিত কনমানি শিশু আইলিন হাজৰিকাই কবিতা আবৃত্তিৰে দৰ্শক ৰাইজক আপ্লুত কৰে৷
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য