বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ এমহীয়া ৰমজান মাহৰ সামৰণিত দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত আজি পুৱাৰ ভাগত ঈদ – উল – ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন হয়। আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে আদাবাৰী বাছ আস্থানৰ সমীপৰ জালুকবাৰী ঈদগাহ ময়দানতো পুৱা ৮.৪৫ বজাত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। প্ৰায় চাৰি হাজাৰৰো অধিক লোকৰ উপস্থিতিত সমূহীয়া নামাজত ইমামতি কৰে কামৰূপ জিলাৰ দেউদুৱাৰ জামে মছজিদৰ পেছ ইমাম মৌলানা ,কাৰী,গৌছে আলম কাচিমীয়ে । নামাজৰ পূৰ্বে অনুষ্ঠিত এক চমু অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনাই পবিত্ৰ ঈদ – উল – ফিটৰৰ উদ্দেশ্য বাখ্যা কৰে জালুকবাৰী ঈদগাহ কমিটিৰ কাৰ্যকৰী সভাপতি আলহাজ চৰিফ উল্লাহে । আনহাতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক আবুল আলীয়ে। তেনেদৰে কোষাধ্যক্ষ নাছেম আলীয়ে জানিবলৈ দিয়া মতে নামাজৰ লগত সংগতি ৰাখি জাকাট, ফিটৰা, লাৱাৰীজ, ইমাম, ঈদগাহ, মছজিদ, কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হয়।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ