জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা মিলিত হ’ল মুখ্যমন্ত্ৰী

0 239

ব্ৰহ্মপুত্ৰ ৰাজ্যিক আতিথিশালাত আজি  ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰৱৰ্তী পদক্ষেপ সমূহৰ বিষয়ে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তথা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সকলৰ সৈতে পৰ্যালোচনা কৰে।
 
 
পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলে ক’ভিড১৯ৰ বিৰূদ্ধে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে তেওঁলোক কৃতজ্ঞতাৰ পাত্ৰ। সমান্তৰালভাৱে এই যুদ্ধখনত প্ৰতিখন জিলাৰে স্থানীয় বিধায়ক, সাংসদ তথা জিলাখনৰ দায়িত্বত থকা সকলোকে লগত লৈ সকলোধৰণৰ ব্যৱস্থাপনা নিয়াৰিকৈ কৰাৰ বাবে নিৰ্দেশ দিয়ে।
ৰাজ্যলৈ যিহেতু বহিঃৰাজ্যৰ পৰা লোকসকল ৰে’লযোগে আহিবলৈ আৰম্ভ কৰিছে সেয়েহে এইক্ষেত্ৰত স্থানীয় লোকসকলক এক পূৰ্ণ আস্থা প্ৰদান কৰি হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থাটো নিয়াৰিকৈ সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলোকে নিৰ্দেশ দিয়ে।ইয়াৰ বাবে গাঁও পৰ্যায়ত তথা খণ্ড পৰ্যায়ত কোৱাৰেণ্টাইন মেনেজমেণ্ট কমিটি গঠনৰ নিৰ্দেশ দিয়ে। ইয়াৰ কাৰণে গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি, গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনী, চাহ বাগিচাসমূহৰ লাইনৰ চৰ্দাৰ আৰু স্থানীয় স্বেচ্ছাসেৱী সংগঠন সমূহৰ সৈতে আলোচনা কৰি সমূহ ৰাইজকে আস্থা আৰু বিশ্বাসত ৰাখিবলৈ নিৰ্দেশ দিয়ে। সমগ্ৰ পৰিৱেশটো যাতে এক অনুকুল পৰিৱেশলৈ পৰ্যবসিত হয় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
বিভিন্ন আঁচনিৰ হিতাধিকাৰী সকলে একেলগে আহি বেংকৰ সমুখত জুম বন্ধা দিশটোও তেখেতে উল্লেখ কৰে। এই বিষয়ত তেখেতে কয় যে তেখেতে নিজেই এই সন্দৰ্ভত বেংক মেনেজাৰ সকলৰ সৈতে কথা পাতিব। প্ৰয়োজন সাপেক্ষে এন চি চি আৰু এন এছ এছৰ দৰে স্বেচ্ছাসেৱক সকলক নিযুক্তি দিবলৈও জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ হিতাধিকাৰী সকলক মতাৰ ব্যৱস্থা কৰাৰো মতপোষণ কৰে।
জিলাসমূহৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহেও  নিজৰ সামৰ্থ অনুযায়ী যাতে সেৱা আগবঢ়ায় তাৰ নিশ্চিতকৰণৰ বাবেও আজি ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যক্তিগত খণ্ডৰ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ স্বত্বাধিকাৰী সকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ বাবে জিলা উপায়ুক্ত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকে উপযুক্ত কাৰ্য ব্যৱস্থা লোৱাৰ বাবেও মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে।
ৰাজ্যৰ চাহ উদ্যোগকে ধৰি প্ৰায় ১লাখ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোদ সমূহৰ কাম কাজ আৰম্ভ হৈছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে। সকলোবোৰ অৰ্থনৈতিক কাম কাজ স্বাস্থ্যসন্মত নীতি নিৰ্দেশনা বাহাল ৰাখি কৰিবলৈ তথা তাৰ বাবে বিধিসন্মত ব্যৱস্থা ল’বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।
ৰাজ্যত যাতে কৃষি কৰ্ম তথা মীন পালনৰ কাম কাজ সমূহ ভালদৰে চলি থাকে তাৰেই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। আগন্তুক বান পৰিস্থিতিৰ সৈতে লক্ষ্য ৰাখি খাদ্য সামগ্ৰী মজুত ৰাখিবলৈও নিৰ্দেশ প্ৰদান কৰে। স্বেচ্ছাসেৱী সংগঠন সমূহৰ সৈতে জড়িত হৈ বৃক্ষ ৰোপণৰ বাবেও নিৰ্দেশ দিয়ে। আজিৰ এই ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি বাৰ্তালাপ কৰাৰ সযয়ত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীকে ধৰি বহুকেইগৰাকী লোক।

Leave A Reply

Your email address will not be published.