জিলা প্ৰশাসনে পাচলিৰ মূল্য নিৰ্দ্ধাৰণ কৰিছে

0 241

সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমতো ক’ৰণা ভাইৰাছে সংহাৰ ৰূপ ধাৰণ কৰিছে। এই মহামাৰীৰ পৰা দেশৰ সৰ্বসাধাৰণ জনতাক ৰক্ষা কৰিবলৈ  দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে ২১দিনীয়া লকডাউন লক ডাউন ঘোষণা কৰিছে ।
 
 
 
 
লকডাউনৰ সময়ছোৱাত সকলোধৰণৰ কৃষি কৰ্ম  বন্ধ হৈ পৰিছে সেয়ে নাটনি হৈ পৰিছে সকলোধৰণৰ শাক পাচলি । যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত শাক পাচলি সমূহ মূল্য বৃদ্ধি হৈছে ।
 
 
 
 
এই লকডাউনৰ সময়ছোৱাত মহানগৰবাসীক সকাহ দিবলৈ কামৰূপ মহানগৰ প্ৰশাসনে সুলভ মুল্যত গ্ৰাহকক শাক পাচলি যোগান ধৰিবলৈ ব্যৱস্থা কৰিছে। কৃষি আৰু যোগান বিভাগে গুৱাহাটী মহানগৰীৰ উপভোক্তাৰ বাবে নিৰ্ধাৰণ কৰিছে এই মূল্যৰ। এই সন্দৰ্ভত প্ৰশাসনে নিৰ্দেশনাও জাৰি কৰিছে। মহানগৰীৰ ৯০টা বিভিন্ন স্থানতহে শাক পাচলি  বিক্ৰী কৰিব পাৰিব আৰু ৰাতিপুৱা ৯বজাৰ পৰা ২বজালৈ গ্ৰাহকে প্ৰয়োজনীয় শাক পাচলিবোৰ ক্ৰয় কৰিব পাৰিব।
 
 
 
প্ৰতিকেজি পাচলিৰ নিৰ্ধাৰিত মূল্যসমুহ হ’ল এনেধৰণৰ  ফুলকবি ১৮টকা, বন্ধাকবি ১৩টকা, গাজৰ ২৮টকা, জাতিলাও ১৮টকা, জলকীয়া ৪৮টকা, ভেন্দি ৩৮টকা, ৰঙালাও ২০টকা, কোমোৰা ২২টকা, তিতাকেৰেলা ৩৩টকা, ফ্ৰেন্সবিন ১৮টকা, জিকা ৩৮টকা, লেচেৰা মাহ ৩৮টকা, বিলাহী ১৮টকা, বিট ৩৮টকা, বেঙেনা ১৮টকা, তিয়হ ১৮টকা, স্কোৱাছ ১৫টকা, পটল ৬০টকা আৰু প্ৰতিটো নেমুৰ বিপৰীতে ৬টকাকৈ মূল্য ধাৰ্য কৰা হৈছে ।

Leave A Reply

Your email address will not be published.