জিলা ভিত্তিত উজ্বলিল ডেভিড বৈশ্য

0 66

দৰিদ্ৰতাই কোঙা কৰা এজন কিশোৰ শিক্ষাৰ্থী।নাম ডেভিড বৈশ্য। ঢকুৱাখনা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ তেওঁ । ঢকুৱাখনা নগৰৰ বালি গাঁওৰ ভাড়াতীয়া ঘৰৰ বাসিন্দা দিপুল বৈশ্যৰ পুত্ৰ ডেভিদে দৈন্যতাকো প্ৰাচীৰ ভাঙি লখিমপুৰ  জিলা ভিত্তিত বিশেষ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে। নিজৰ শিক্ষানুষ্ঠানৰ উপৰিও ঢকুৱাখনা মহকুমালৈ  বিৰল গৌৰব আজুৰি আনিবলৈ সক্ষম হৈছে ডেভিড বৈশ্য। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষত আয়োজিত দেশভক্তি দিৱস ২০২৪ ৰ ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলাখনৰ ভিতৰত প্ৰথম স্থান অর্জন কৰিবলৈ সক্ষম হৈছে ডেভিড।ঢকুৱাখনাৰ এগৰাকী নীৰৱ প্ৰকৃতি সংৰক্ষক দিপুল বৈশ্যৰ  সুযোগ্য পুত্ৰ ডেভিদে ক শাখাৰ ৰচনা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি এই সন্মানৰ গৰাকী হ’বলৈ সক্ষম হৈছে। দেশভক্ত তৰুণৰাম ফুকন ,জীৱন আৰু কৃতিত্ব শীর্ষক ৮০০ শব্দৰ ভিতৰত ৰচনা লিখি জিলাখনৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ডেভিদ।দেওবাৰে জিলা প্ৰশাসনে আয়োজন কৰা বঁটা বিতৰণী অনুষ্ঠানত এইগৰাকী কৃতি ছাত্ৰক বিশেষ ভাবে সন্মানিত কৰা হয় ।লখিমপুৰ জিলা সদৰৰ আৱৰ্ত ভৱনত দেওবাৰে আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্তই ডেভিডক এই বঁটা প্ৰদান কৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত । দেশ ভক্তি দিৱস ২০২৪ ৰ সৈতে সংগতি ৰাখি লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত ডেভিড বৈশ্যৰ পিতৃ দিপুল বৈশ্য আৰু শিক্ষাগুৰু নৰেন শইকীয়াৰ লগতে জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষা অভিযানৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়াৰ উপস্থিতিত ছাত্ৰগৰাকীক মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰে জিলা উন্নয়ন আয়ুক্তই । জিলা ভিত্তিত আয়োজিত এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অর্জন কৰা ঢকুৱাখনা মহকুমাৰ এইগৰাকী একক ছাত্রৰ এনে কৃতিত্বত উৎফুল্লিত পিতৃ মাতৃ ,আত্মীয়ৰ লগতে বিদ্যালয় পৰিয়ালৰ লগতে শিক্ষাসদী ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.