জি আই এম টি তেজপুৰত ছাৰ্জিকেল ষ্টাইক দিৱস পালন

0 236

অল ইণ্ডিয়া কাউন্সিল অৱ টেকনিকেল এডুকেশ্যনছৰ নিৰ্দেশনা অনুযায়ী ২৯ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰত বৰ্ষৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ লগতে জিঅাইএমটি তেজপুৰতো ছাৰ্জিকেল ষ্ট্ৰাইক দিৱস উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ এ অাই চি টি ই কমিটিৰ উদ্যোগত অায়োজিত অনুষ্ঠানটোত অামন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰে ভাৰতীয় স্থল সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন লোহিত চন্দ্ৰ ভূঞাই। তেওঁ অাগবঢ়োৱা ভাষণত ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বিভিন্ন বিভাগ তেওঁলোকৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিস্তৃত বাখ্যা অাগবঢ়ায়। তদুপৰি বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজতো দেশ অাৰু জনতাৰ সুৰক্ষাৰ হেতুকে সীমান্তত অতীন্দ্ৰ প্ৰহৰী হৈ ৰোৱা সামৰিক জোৱানসকলৰ ত্যাগ অাৰু কষ্টক তেওঁলোকৰ প্ৰাপ্য সন্মান প্ৰদৰ্শন কৰিবলৈ সকলোকে অাহ্বান কৰে। ভাষণৰ শেষত ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা পৰিবেশিত ‘পুষ্পাঞ্জলী’ শীৰ্ষক তথ্যচিত্ৰ এখন প্ৰদৰ্শন কৰা হয়।

Leave A Reply

Your email address will not be published.