জ্ঞানবৃক্ষ শীৰ্ষক টেলিভিচন চেনেল মুকলি

0 230

অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত আজি এটি নতুন শিক্ষামূলক টেলিভিছন চেনেলৰ উদ্বোধন কৰা হয়। এই টেলিভিছনটো উদ্বোধন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চেনেলটো উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে ক’ভিড১৯ৰ সময়ছোৱাত শিক্ষাৰ্থী সকলৰ শিক্ষাৰ ঘাটি পুৰণৰ অৰ্থে এই চেনেলটো মুকলি কৰে।
 
 
 
এই চেনেলটোৱে শিক্ষাৰ্থী সকলক শিক্ষা গ্ৰহণত বহু পৰিমাণে সহায় কৰিব বুলি মন্ত্ৰী গৰাকীয়ে কয়। শিক্ষাৰ্থী সকলৰ শিক্ষাৰ দিশটোত অসম চৰকাৰে বহু পৰিমাণে গুৰুত্ব প্ৰদান কৰা বুলি কয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে ছাত্ৰ ছাত্ৰী সকলৰ বাবে এটা ইউটিউব চেনেলৰ শুভাৰম্ভণি কৰিছিল।
 
পিছলৈ ইয়াক মোবাইলৰ এপ্লিকেশ্যন বিশ্ববিদ্যা অসমলৈ পৰ্যবসিত কৰি তোলা হয়। লকডাউনৰ এই সময়ছোৱাৰ মাজতো চৰকাৰে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ পাঠ্যপুঠি সমূহ প্ৰস্তুত কৰাৰ বাবে অহা ২৭মে’ৰ পৰা পাঠ্যপুথি সমূহ শিক্ষাৰ্থী সকলে গ্ৰহণ কৰিব পাৰিব। 
 

জ্ঞানবৃক্ষ নামৰ চেনেলটো ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এক মাইলৰ খুটি হিচাপে অভিহিত কৰে মন্ত্ৰী গৰাকীয়ে। প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকললৈ বিদ্যায়তনিক আৰু প্ৰতিযোগিতা মূলক সম্পৰ্কীয় কৌশলৰ বাবে এই চেনেলটো ব্যৱহাৰ কৰা হ’ব। চেনেলটোৰ যোগেদি শৈক্ষিক দিনপঞ্জী মতে বিভিন্ন বিষয়ৰ বাণীৱদ্ধ আৰু চিত্ৰভিত্তিক পাৰদৰ্শী শিক্ষকৰ লগতে শিক্ষক প্ৰশিক্ষক সকলে পাঠদান আগবঢাব।

Leave A Reply

Your email address will not be published.