মাঘ বিহুলৈ মাজতে আৰু কেইটামান দিন বাকী আছে।এনে সময়তে এখন ভেলাঘৰে বিশেষ চৰ্চা লাভ কৰিছে।গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ আৰ্হিত মায়াবী ভেলাঘৰ সমিতিয়ে ভেলাঘৰ নিৰ্মাণ কৰিছে।পথাৰৰ নৰা, বাৰীৰ কাঠ কাটি ভোলাগুৰি চাহৰ বাগিছা নিৰ্মাণ কৰিছে।জ্যোতি প্ৰসাদৰ আৱক্ষ মূৰ্তি আৰু জয়মতীক শাস্তি প্ৰদান কৰা জেৰেঙা পথাৰ,চাউদাং,জয়মতী প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে।এই প্ৰচেষ্টাটোৰ অংশীদাৰ হৈ আছে বৰাণীপথাৰৰ একাংশ জনগণ।যি সময়ত অসমীয়া কৃষ্টি সংকটৰ দিশে অগ্ৰসৰ হৈছে সেই সময়ত মায়াবী ভেলাঘৰ সমিতিয়ে গ্ৰহণ কৰা প্ৰচেষ্টাই প্ৰজন্মৰ মাজত বিশেষ প্ৰভাৱ পেলাইছে ।সহযোগ কৰিলে গহপুৰৰ পৰা শ্ৰীমন্ত দাসে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা