টকা পইচাৰে নহয় মাটিৰে সংস্থাপন দিব খিলঞ্জীয়াক

0 266

District Administration carrying out an eviction drive with deploying excavators with elephants at Amchang Forest Reserve at Botahghuli in Guwahati on 27-11-17. Reportedly District administration told that four teams have been constituted for the drive and each team will comprise officers from the administration, police, forest department, power department, medical and SDRF (fire & emergency) to carry out eviction from all sides. Forest department sources said over 3,000 personnel have been mobilised for the operation besides some ten elephants and excavators. Pix by UB Photos

এটা ফেচবুক পোষ্ট। পোষ্টটো পঢ়ি শদিয়াৰ পৰা ধুবুৰীৰ শুভাকাংক্ষীৰ যোগাযোগ কৰিলে। ফোনৰ পিছত ফোন আহিল, হুৱাটচআপত মেছেজ আহিল। খবৰটো nefocus.com ত প্ৰকাশ কৰিব লাগে। অলপো পলম নকৰি ফেচবুকতে সেই বিশেষ ব্যক্তিজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলো। অৱশেষত সংযোগ হ’ল। 

WhatsApp Image 2017-12-01 at 1.13.48 PM

তেখেতৰ নাম উদয় শইকীয়া। ঘৰ তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত। তেখেত এগৰাকী ব্যৱসায়ী। তেখেতে আপডেট দিয়া পোষ্টটো হ’ল- “আমচাংৰ মানুহখিনিৰ কাৰণে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ১০ বিঘা মাটি দিবলৈ সাজু। কোনো NGO ই তেওঁলোকৰ হৈ মোৰ লগত যোগাযোগ কৰক”। এটা জলন্ত আৰু সমসাময়িক বিষয়ত মাত মাতাৰ বাবে সকলোৱে পোষ্টটো লাইক, কমেণ্ট আৰু শ্বেয়াৰে উপচাই দিলে। ইয়াৰে ভূ লৈ উদয় শইকীয়াৰ পৰা জানিব বিচাৰাত তেখেতে nefocus.com ক এনেদৰে ক’লে- মই কোনো ধনী মানুহ নহয়। মোৰ পৈত্ৰিক সম্পত্তি হিচাপে ১০ বিঘা মাটি আছে, টি ভি পেপাৰত আমছাং উচ্ছেদিত সকলৰ অৱস্থা দেখি বহুত দুখ লাগিছিল। টকা পইচাৰে নহয় মাটি খিনিত সংস্থাপন (খিলঞ্জীয়া সকলক) দিব বিচাৰো। কোনো NGO অথবা ব্যক্তি বিশেষে সহায় কৰিলে এই কামটো সম্ভৱপৰ হৈ উঠিব।

EVICTION-3

উদয় শইকীয়াই জনালে – মানুহে এই ভাবি ভুল কৰে যে মই মাটিখিনি চিৰদিনৰ বাবে দান কৰিব বিচাৰিছো। কিন্তু প্ৰকৃততে কিছুমান চৰ্ত সপেক্ষেহে এই মাটিখিনি দিয়া হ’ব। মই বিচাৰো খিলঞ্জীয়া সকলে এই ঠাই টুকুৰাত বসতি স্থাপন কৰক। আৰু কোনো ব্যক্তি বিশেষে যেন সহায় কৰে।

উল্লেখযোগ্য যে, সম্প্ৰতি সময়ত ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰা উচ্ছেদিত সকলৰ সমস্যাৰ মাজত এনে বতৰাই আশাৰ ৰেঙনি কঢ়িয়াইছে।

 

Leave A Reply

Your email address will not be published.